B LIVE

B LIVE বৃহত্তৰ বালিপৰা অঞ্চলৰ বা-বাতৰিৰ বাবে
……

23/08/2026

অৰুনাচলৰ আপাৰ ভালুকপুঙত পাহাৰৰ শিল পৰি অসম আৰক্ষীৰ এজন জোৱানৰ মৃত্যু……

23/08/2026

আজি শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ ৪২৯ তম তিৰোভাৱ তিথি।ৰাজ্যৰ অন্যপ্ৰান্তৰ লগতে শোণিতপুৰৰ বালিপৰাৰ এৰাগাঁওৰ শ্ৰী শ্ৰী কমলাবাৰী শাখা সত্ৰত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰিছে বদলা পদ্ম আতাৰ তিৰোভাৱ তিথি । এই উপলক্ষ্য পুৱাৰে পৰা নাম প্ৰসংগ, গুৰুচৰিত পাঠ আদিৰ লগতে বদলা আতা সম্পৰ্কে বিশিষ্ট ব্যক্তিৰ দ্বাৰা আলোচনাৰ লগতে ৰাজহুৱা সেৱাৰ আয়োজন কৰা হয় । অনুষ্ঠানত ভালেসংখ্যক ভক্তপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে ....

23/08/2026

ৰঙাপৰা পৌৰসভাৰ অন্তৰ্গত নতুনকৈ নিৰ্মান হবলগীয়া দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণকমল তাঁতীয়ে……

23/08/2026

শোণিতপুৰৰ বালিপৰাত বালিপৰা ভালুকপুং ৰেলপথৰ বামগাঁওৰ ৰেলৱে অভাৰব্ৰীজৰ সমিপত দীঘলী বালিজানৰ প্ৰান্তুছ মণ্ডল নামৰ এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। জানিব পৰা মতে,যোৱা ১৭ তাৰিখৰ পৰা নিখোজ হৈ আছিল প্ৰান্তুছ মণ্ডল………

22/08/2026

বালিপৰাত আজি এটা বিষাক্ত ফেটি সাপ উদ্ধাৰ হয়।বালিপৰাৰ কেন্দ্ৰ স্থলৰ প্ৰিয়ঙ্কা হোটেলৰ পিছ ফালে থকা তেখেত সকলৰ মূৰ্গীৰ গড়ালত সোমাই কণী খাই থকা অৱস্থাত প্ৰত্যক্ষ কৰি লখৰাৰ বিকি গীল নামৰ ব্যক্তিজনক খবৰ দিয়াত তেখেতে আহি সাপটো উদ্ধাৰ কৰি লৈ যায় ……

22/08/2026

বালিপৰাত পুত্ৰক বিচাৰি চিলাপথাৰৰ এগৰাকী মাতৃ……

22/08/2026

গুডৰিক গ্ৰুপ লিমিটেডৰ অধিনৰ বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই বাগিছাখনৰ মহিলা শ্ৰমিক সকলক উৎসাহিত কৰিবৰ বাবে লৈছে এক বিশেষ পদক্ষেপ .....

19/08/2026

অৰুনাচল প্ৰদেশৰ টাৱাং ৰ পৰা নিমা চিৰিং নামৰ এজন যুৱকে সনাতন ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে আৰু বৰ্তমান সময়ত ব্যাপকভাৱে ড্ৰাগছৰ প্ৰচলনৰ হোৱাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ হেতু টাৱাঙৰ পৰা কাশী মথুৰালৈ পদযাত্ৰা আৰম্ভ কৰিছে।বিগত ৮ দিন ধৰি খোজকাঢ়ি টাৱাং ৰ পৰা আজি পুৱা বালিপৰাত উপস্থিত হয় যুবকজন। এনেদৰে খোজকাঢ়িয়েই সুদুৰ কাশী আৰু মথুৰালৈ যাব বুলি যুৱকজনে জানিবলৈ দিয়ে....

15/08/2026

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শোণিতপুৰৰ ৰঙাপৰাত ৮০ তম স্বাধীনতা দিৱস উদযাপন....

15/08/2026


৮০ তম স্বাধীনতা দিৱস উপলক্ষে ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰাত আজি ভাৰতীয় জনতা পাৰ্টিৰ বালিপৰা মন্ডলৰ উদ্যোগত দলৰ জেষ্ঠ কাৰ্য কৰ্তাক সকলক সম্বৰ্ধনা জনায় ৰঙাপৰাৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণকমল তাঁতীয়ে
……

Address

Balipara
784101

Telephone

+917002632699

Website

Alerts

Be the first to know and let us send you an email when B LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share