Hazirhat LIVE 24×7

Hazirhat  LIVE 24×7 সত্য আৰু নিৰ্ভীক বাতৰি দিয়াই মোৰ ধৰ্ম

29/08/2026

হাজিৰহাটবাসী ৰাইজৰ বাবে সুখবৰ

যোৱা দুদিন আগতে আমাৰ হাজিৰহাট RPHC চিকিৎসালয়ত এখন ১০৮ এম্বুলেন্স সেৱাৰ অতিকৈ প্ৰয়োজন বুলি আমি যুটীয়া সঞ্চালক (Joint Director) মহোদয়ক আবেদন জনাইছিলোঁ।

অতি সুখৰ বিষয় যে, আমাৰ আবেদনৰ প্ৰতি সহাঁৰি জনাই তেখেতে মাত্ৰ দুদিনৰ ভিতৰতে আজি দিনৰ ১ বজাত হাজিৰহাট RPHC ত ১০৮ মৃত্যুঞ্জয় সেৱাৰ এখন এম্বুলেন্স প্ৰদান কৰে।

আজি জিলা ১০৮ মৃত্যুঞ্জয় সেৱাৰ Incharge শ্ৰী অঙ্কুৰ ৰয় দেৱে এই এম্বুলেন্স সেৱাৰ শুভ উদ্বোধন কৰে।

এই প্ৰচেষ্টাত আমি আবেদনকাৰী হিচাপে আছিলোঁ - জিলা কিষাণ মৰ্চা, বিজেপিৰ সাধাৰণ সম্পাদক শ্ৰী মফুজল হক, ৰাকিব হোছেইন, ফিৰাজুল হক আকন্দ আৰু মই ছামছুল আকন্দ। আমাৰ এই প্ৰচেষ্টা সফল হোৱাত আমি অতিশয় আনন্দিত।

এই ক্ষেত্ৰত অতি কম সময়ৰ ভিতৰতে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মাননীয় যুটীয়া সঞ্চালক মহোদয় আৰু জিলা Incharge শ্ৰী অঙ্কুৰ ৰয় ডাঙৰীয়াক হাজিৰহাট অঞ্চলৰ ৰাইজৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আপোনালোকৰ এই মহান পদক্ষেপে হাজিৰহাটৰ দুখীয়া ৰাইজৰ চিকিৎসা সেৱাত বহুত সহায় কৰিব।

*বিনীত -*
হাজিৰহাটবাসী ৰাইজৰ হৈ,
ছামছুল আকন্দ

বিষয় : হাজিৰহাট RPHC ত ১০৮ সেৱা আৰম্ভ কৰাৰ বাবে আবেদন।মাননীয় যুটীয়া সঞ্চালক মহোদয়,স্বাস্থ্য সেৱা,দক্ষিণ শালমাৰা মানক...
26/08/2026

বিষয় : হাজিৰহাট RPHC ত ১০৮ সেৱা আৰম্ভ কৰাৰ বাবে আবেদন।

মাননীয় যুটীয়া সঞ্চালক মহোদয়,
স্বাস্থ্য সেৱা,
দক্ষিণ শালমাৰা মানকাচৰ জিলা, অসম।

মহোদয়,

সন্মান সহকাৰে জনাওঁ যে, আমি হাজিৰহাট অঞ্চলৰ ৰাইজ। আমাৰ হাজিৰহাট RPHC খন বহু বছৰ ধৰি এই অঞ্চলৰ প্ৰায় ৩০-৪০ খন গাঁৱৰ মানুহৰ একমাত্ৰ ভৰষা। কিন্তু অতি দুখৰ বিষয় যে, আমাৰ স্বাস্থ্য কেন্দ্ৰত ১০৮ এম্বুলেন্স সেৱা নাই।

ইয়াৰ ফলত জৰুৰীকালীন ৰোগী, বিশেষকৈ গৰ্ভৱতী মহিলা আৰু দুৰ্ঘটনাত পতিত লোকসকলে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বহু সময়ত ৰোগীয়ে সময়মতে চিকিৎসালয় পাব নোৱাৰি মৃত্যুৰ মুখত পৰিব লগা হয়। বহু দুখীয়া পৰিয়ালে ব্যক্তিগত গাড়ী ভাড়া কৰি ৰোগী নিবলৈ অসমৰ্থ।

গতিকে আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ হাজিৰহাট RPHC ত অতি সোনকালে ১০৮ এম্বুলেন্স সেৱা আৰম্ভ কৰি ৰাইজক উপকৃত কৰে যেন।

আপোনাৰ বিশ্বাসী,

হাজিৰহাট অঞ্চলৰ ৰাইজৰ হৈ,

১/ মফুজল হক
জিলা সধাৰণ সম্পাদক (কিষান মৰ্চা) বিজেপি

২/ ৰাকিব হুছেন ( সমাজসেৱক)

৩/ ফিৰাজুল হক আকন্দ (সমাজসেৱক)

৪/ ছামছুল আকন্দ (সমাজসেৱক)

23/08/2026

ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য

16/08/2026

আজি আমাৰ বাবে এটা অতি আনন্দ আৰু গৌৰৱৰ দিন। কাৰণ আজি আমাৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত এটা নতুন অধ্যায় আৰম্ভ হ'বলৈ গৈ আছে।
আজি অৰ্থাৎ ১৬/০৮/২০২৬ তাৰিখে, হাজিৰহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ছোট বজৰাৰ পৰা টাকীমাৰি’লৈ PMGSY ৰ অধীনত ১.১৩ কোটি টকা ব্যয় সাপেক্ষে পথ নিৰ্মাণৰ আধাৰশিলা শুভাৰম্ভ কৰিছে আমাৰ সকলোৰে জনপ্ৰিয়,মানকাচৰ সমষ্টিৰ সন্মানীয় বিধায়ক জনাব মহিবুৰ ৰহমান( বাপ্পি) মহোদয়

এই পথছোৱা ছোট বজৰা, টাকীমাৰি আৰু আশে-পাশে থকা ৫-৬ খন গাঁৱৰ বাবে জীৱন-ৰেখা হৈ পৰিব।
স্কুল-কলেজলৈ যোৱা সাপ্তাহিক বজাৰ এখনলৈ যোৱা,ছাত্ৰ-ছাত্ৰী, কৃষকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়া, ৰোগীক হাস্পতাললৈ লৈ যোৱা - সকলো ক্ষেত্ৰতে এই পথখনে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।
বৰষুণৰ সময়ত যি অসুবিধা আমি পাই আহিছোঁ, সেই দিন আজিৰ পৰা শেষ হ'ব।

আমি মানকাচৰৰ বিধায়ক “মহিবুৰ ৰহমান।( বাপ্পি)দাদাক হাজিৰহাটৰ সমূহ ৰাইজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
আপোনাৰ অক্লান্ত প্ৰচেষ্টা আৰু চৰকাৰৰ লগত আলোচনাৰ ফলতেই আজি ১.১৩ কোটি টকাৰ এই পথটো বাস্তৱায়িত হ'বলৈ গৈ আছে।
আপোনাৰ দৰে জনপ্ৰতিনিধি পালে অঞ্চলৰ উন্নয়ন নিশ্চিত।

গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ, পথ নিৰ্মাণৰ কামত সকলোৱে সহযোগিতা কৰক। ঠিকাদাৰ আৰু বিভাগীয় কৰ্মচাৰীক সহায় কৰক। কাৰণ এই পথ আমাৰ সকলোৰে।
আহক, আমি একেলগে এখন সুন্দৰ, উন্নত হাজিৰহাট গঢ়োঁ।

পুনৰ এবাৰ সন্মানীয় বিধায়ক মহিবুৰ ৰহমান ( বাপ্পি)দাদাক আৰু উপস্থিত থকা সকলো বিশিষ্ট ব্যক্তি,সকলক ধন্যবাদ জনাই আজিৰ এই আধাৰশিলা শুভাৰম্ভ অনুষ্ঠান ইয়াতেই সামৰণি মাৰিছোঁ।

07/08/2026

মাছখোৱাৰ পৰা উত্তৰ গুৱাহাটী দলপাৰালৈ যোৱা নতুন দলংখন "কুমাৰ ভাস্কৰ বৰ্মা সেতু৷
প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ নামত নামকৰণ কৰা সেতুৰ ওপৰেদি প্ৰথমটো যাত্ৰা৷
আপুনি এই দলংখনৰ ওপৰেৰে গৈছেনে? ৰাতি লাইটিং খন বহুত ধুনীয়া লাগে দেই৷

06/08/2026

Address

HAZIRHAT
Dhubri
783128

Telephone

+917896297065

Website

Alerts

Be the first to know and let us send you an email when Hazirhat LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hazirhat LIVE 24×7:

Shortcuts

Share