19/12/2025
প্ৰতি,
ৰিজুমণি গোস্বামী,
আপোনাৰ আমাৰ প্ৰতিষ্ঠানত কৰ্মৰত হোৱা আজি দুবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আমি আপোনাক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সময়ছোৱাত আপোনাৰ অৱদান, নিষ্ঠা আৰু কৰ্মদক্ষতাই আমাৰ প্ৰকাশনৰ গুণগত মান উন্নয়নৰ লগতে আপোনাৰ সৃজনশীলতা, নিয়মানুৱৰ্তীতা আৰু দায়িত্ববোধে আমাৰ প্ৰতিষ্ঠানৰ লক্ষ্যত উপনীত হোঁৱাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
আমি বিশ্বাস কৰোঁ যে আগলৈও আপোনাৰ এই নিষ্ঠা আৰু উৎসাহেৰে আমাৰ প্ৰতিষ্ঠানক সমৃদ্ধিৰ পথত আগবাঢ়ি যোৱাত সহায় কৰিব। আপোনাৰ ভৱিষ্যৎ কৰ্মজীৱনৰ সফলতা কামনা কৰিলোঁ।
আপোনাৰ সৈতে আমি আগবাঢ়ি যাম।
ধন্যবাদেৰে-
অবিনাশ শৰ্মা
স্বত্বাধিকাৰী
বৰ্ণ প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ
গুৱাহাটী, অসম