Guwahati Digital

Guwahati Digital Welcome to Guwahati Digital - This is the official page of Guwahati Digital. Follow the page for latest updates. Keep watching & stay ahead

29/09/2026

গুৱাহাটীৰ বেহাৰবাৰিত অনুষ্ঠিত হয় প্ৰথম সংখ্যক চকু চিকিৎসা সন্মিলন। সদৌ অসম অপ্টোমেট্ৰি সন্থাৰ উদ্যোগত এদিনীয়াকৈ অনুষ্ঠিত কৰে সন্মিলনখনি। সন্মিলনত অংশ লয় অসমৰ ভিন্ন প্ৰান্তৰ চকু চিকিৎসা বিষয়ত অধ্যনৰত শিক্ষাৰ্থীৰ লগতে চকু চিকিৎসাৰ ব্যক্তিগত তথা চৰকাৰী খণ্ডৰ অনুশীলনকাৰী সকলে। শিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে কেইবাগৰাকী চকু বিশেষজ্ঞ তথা চিকিৎসকে। এই সন্মিলনতেই অনুষ্ঠিত কৰে চকু চিকিৎসাৰ অন্তৰ্গত চাৰিটাকৈ বিষয়ৰ কৰ্মশালা।

25/09/2026

চচল ধৰ্ণাস্থলীত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ (নেমছু) উত্তাল প্ৰতিবাদ। প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছে সমগ্ৰ অসমৰ ৩ শতাধিক প্ৰতিবাদকাৰীয়ে। কেইবাটাও দাবী উত্থাপন কৰি অৱস্থান ধৰ্মঘট নেমছুৰ।

পুনৰ অ*পৰা*ধীলৈ আৰক্ষীৰ গু*লী।
22/09/2026

পুনৰ অ*পৰা*ধীলৈ আৰক্ষীৰ গু*লী।

17/09/2026

মুক্তিৰ পথত নতুন ছবি NAWMAI-দ্যা ৱাংছো ৱেৰিয়ৰ। মুক্তিৰ পূৰ্বে আইদেউ ছবিগৃহত বিশেষ দৰ্শনী ছবিখনৰ। ১৮ ছেপ্টেম্বৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত হিন্দী ভাষাত মুক্তি লাভ কৰিব ছবিখনে। উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ অৰুণাচল প্ৰদেশৰ ৱাংছো জনজাতিৰ জীৱন প্ৰণালীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন। ছবিখনৰ সম্পূৰ্ণ দৃশ্যগ্ৰহণ কৰা হৈছে অৰুণাচল প্ৰদেশত। Kanu ফিল্ম প্ৰডাকচনে নিৰ্মাণ কৰা ৰোমাঞ্চ, যুদ্ধ, নাটকীয় দৃশ্যৰে পৰিপূৰ্ণ ছবিখন পৰিচালনা কৰিছে জভি ৱাংজিং ৱাংচাই।

17/09/2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ। প্ৰাণৰ শিল্পীৰ অন্তিম শয়নস্থলীত সেৱা জনাই অংশগ্ৰহণ কৰিলে "জুবিন দিৱস"ৰ কাৰ্যসূচীত।

17/09/2026

তিনিচুকীয়া জাগুনৰ যুৱশিল্পী বিকাশ শৰ্মাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এখন বিশেষ চিত্ৰ। পেলনীয়া প্লাষ্টিক বটলৰ ৰং-তুলিকা বোলাই অংকন কৰিছে জুবিন গাৰ্গৰ চিত্ৰখনি।

তিনিচুকীয়া জাগুনৰ যুৱশিল্পী বিকাশ শৰ্মাই পেলনীয়া প্লাষ্টিক বটলৰ ৰং-তুলিকা বোলাই অংকন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ...
17/09/2026

তিনিচুকীয়া জাগুনৰ যুৱশিল্পী বিকাশ শৰ্মাই পেলনীয়া প্লাষ্টিক বটলৰ ৰং-তুলিকা বোলাই অংকন কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিত্ৰ

16/09/2026

চন্দ্ৰপুৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পাঁচটাকৈ বেংকৰ প্ৰায় ৩.৫ কোটি টকা ঋণ প্ৰদান। চন্দ্ৰপুৰত উন্নয়ন খণ্ডৰ উদ্যোগত অনুস্থিত হয় এই ঋণ আৰু NPA মেলা। ঋণ মেলাত মুঠ পাঁচটা বেংকে ৪৪ টা আত্মসহায়ক গোটক ৩ কোটি টকাৰ লগতে ২৬ গৰাকী উদ্যমী মহিলাক ৩৬ লাখ টকা ঋণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীৰ লগতে বেংকসমূহৰ বিষয়াসকলৰ লগতে কামৰূপ মহানগৰ জিলা পৰিষদৰ অধ্যক্ষা।

16/09/2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়া। কাইলৈৰ পৰা হ'বলগীয়া জুবিন দিৱসৰ কাম- কাজৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। জুবিন ক্ষেত্ৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰি সমৱেত হোৱা অনুৰাগীয়ে যাতে কোনো অসুবিধা নাপায় সেই সন্দৰ্ভত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আগবঢ়ালে মন্তব্য। প্ৰধানতঃ পানী, শৌচাগাৰ, প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা অধিক সুচল কৰাত গুৰুত্ব মন্ত্ৰী বিমল বড়াৰ। যানবাহন নিয়ন্ত্ৰণ শাখাই সকলো পথ নিৰ্দেশনা কাৰ্যকৰী কৰিব বুলিও জনালে মন্ত্ৰীগৰাকীয়ে।

16/09/2026

খাকী পোছাকধাৰী GMC ৰ কৰ্মীক আক্ৰমণ অচিনাকি সন্দেহযুক্ত লোকৰ। হাতীগাঁও সিজুবাৰি পদপথৰ দোকান উচ্ছেদ কৰিবলৈ আহিছিল পৌৰ নিগমৰ দলটোৱে। সেই সময়তেই একাংশ অচিনাকি লোক জঁপিয়াই পৰে দলটোৰ ওপৰত। খেদি খেদি আক্ৰমণ কৰিলে পৌৰ নিগমৰ কৰ্মচাৰীক।

Address

Guwahati
781028

Website

Alerts

Be the first to know and let us send you an email when Guwahati Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share