23/06/2026
প্ৰথমেই ধন্যবাদ বঢ়মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়া । যমুনামুখৰ যামিনীদেৱী মজলীয়া বিদ্যালয়, যমুনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ,অংগনবাড়ী বিদ্যালয় আৰু দাঁতিকাষৰীয়া অঞ্চলত বিগত কেইদিনমানৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছিল।
অসম মালা পথ আৰু ৰেলৱেৰ কাম চলি থকাৰ বাবে কালভাৰ্ট বন্ধ হৈ যোৱাত পানী ওলাব নোৱাৰি তিনিওখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ যাতায়াতত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। কণ কণ ছাত্ৰ-ছাত্ৰীসকলে আঁঠু পানীৰে স্কুললৈ যাব লগা হৈছিল।
আজি কামপুৰ মণ্ডল বিজেপিৰ তৰফৰ পৰা বঢ়মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়াক এই বিষয়ে অৱগত কৰে লগে লগে
বিধায়ক মহোদয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰি PWD বিভাগৰ অভিযন্তা পঠিয়াই দিয়ে আৰু ড্ৰেইন-কালভাৰ্ট চাফা কৰাৰ নিৰ্দেশ দিয়ে।
যমুনামুখৰ BJP কামপুৰ মণ্ডলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি সমগ্ৰ কামৰ তদাৰক কৰে আৰু পানী ওলাই যোৱাৰ ব্যৱস্থা কৰে। বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ যাতায়াত স্বাভাৱিক হৈছে।
সন্মানীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়ালৈ সকলোৱে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনাৰ দ্ৰুত পদক্ষেপে শ শ ছাত্ৰ-ছাত্ৰীৰ কষ্ট দূৰ কৰিলে।
যমুনামুখ বাসী সকলোৱে আপোনাক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছে । সকলোৱে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰক লগতে পেইজটো ফলঅ কৰিবলৈ অনুৰোধ জনালোঁ