অসম চাহ জনজাতি ছাত্র সন্থা সাপেখাতী উপ শাখা

  • Home
  • India
  • Sapekhati
  • অসম চাহ জনজাতি ছাত্র সন্থা সাপেখাতী উপ শাখা

অসম চাহ জনজাতি ছাত্র সন্থা সাপেখাতী উপ শাখা Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from অসম চাহ জনজাতি ছাত্র সন্থা সাপেখাতী উপ শাখা, Social Media Agency, Sapekhati.

অসম চাহ জনজাতি ছাত্ৰ সন্থা সাপেখাতী উপ শাখা সমিতি দেব গোৱালা ( সভাপতি )
নৱজ্যোতি মুছুৱাৰ (উপ সভাপতি)
উত্তম কুৰ্মি (সাধাৰণ সম্পাদক)
মনজিৎ কুৰ্মি (প্ৰচাৰ সম্পাদক )

01/06/2026

ৰ'জ আলীক আৰক্ষীৰ ENCOUNTER
নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ মূল অভিযুক্ত ৰ'জ আলীক আৰক্ষীৰ এনকাউণ্টাৰ
মুকালমুৱাৰ চৰত পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত
#আদিমবাসী

31/05/2026
25/05/2026

কোকৰাঝাৰ এই হৃদয়বিদাৰক ঘটনাই সমগ্র অসমবাসীক স্তব্ধ কৰি তুলিছে
দুজনী ছাত্ৰীৰ জীৱন এইদৰে শেষ হৈ যোৱাটো কেৱল এটা অপৰাধ নহয়, ই মানৱতাৰ ওপৰত এক গভীৰ কলংক।
এনে নৃশংস ঘটনাই প্ৰতিটো অভিভাৱক, প্ৰতিটো মানুহৰ হৃদয় কঁপাই তুলিছে...
আমি এই ঘটনাৰ তীব্র নিন্দা জনাইছোঁ আৰু জড়িত সকলো দোষীৰ বিৰুদ্ধে দ্রুত কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছোঁ....
নিষ্পাপ আত্মাবোৰৰ বাবে ন্যায় বিচাৰ হবই লাগিব।
আজিৰ এই বেদনাই সমগ্র সমাজক এটা ডাঙৰ প্ৰশ্ন সুধিছে ll.....
#আদিমবাসী

21/05/2026

ডলাৰৰ তুলনাত ভাৰতীয় টকাৰ মূল্য কমিলে আমাৰনো কি আহে যায়? আমিতো সাধাৰণ মানুহ। আমাৰ ল'ৰা-ছোৱালী বিদেশত পঢ়িবলৈ নাযায়, বা আমিতো বিদেশত ফুৰিবলৈ বা চিকিৎসা কৰাবলৈও নাযাওঁ এনেকৈ ভবা সকলৰ বাবে টকাৰ মূল্য কমিলে তাৰ প্ৰভাৱ আমাৰ সকলোৰে দৈনন্দিন জীৱনত, বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন-মধ্যবিত্ত পৰিয়ালৰ ওপৰত বেছিকৈ পৰে। কাৰণ এই শ্ৰেণীত আয় সাধাৰণতে একে থাকে, কিন্তু খৰচ লাহে লাহে বাঢ়ি গৈ থাকে....
তেল, গেছ, পেট্র'ল, ডিজেল, খোৱা তেল, দালি, ম'বাইল, লেপটপ, টিভি,ঔষধ, ইলেকট্রনিক সামগ্রী, অনলাইন ছার্ভিছ, মবাইল ৰিচাৰ্জ আদি কেইবাটাও বস্তু আৰু সেৱাৰ দাম বাঢ়িবলৈ আৰম্ভ কৰে। কাৰণ এইবোৰৰ বহু কেঁচামাল, parts বা technology বিদেশৰ পৰা আহে।
ইয়াৰ প্ৰভাৱ পৰিবহণ খৰচতো পৰে। ফলত বজাৰৰ শাক-পাচলি, মাছ-মাংস, খাদ্য সামগ্ৰী, কাপোৰ-কানি আৰু নিত্যপ্রয়োজনীয় বস্তুৰ দামো ধীৰে ধীৰে বৃদ্ধি পায়। চিকিৎসা খৰচো বাঢ়ে, কাৰণ বহু medical equipment, machine, testing device আৰু ঔষধৰ কেঁচামাল বিদেশৰ পৰা আমদানি কৰা হয়
#আদিমবাসী

11/05/2026

চাহ বাগিচাৰ সেউজীয়া মৰমেৰে গঢ়া আজি সফলতাৰ এক নতুন পোহৰ বিলালে... 
লাকুৱা নাহৰ হাবি চাহ বাগাচাৰ গায়ত্ৰী মিদ্ধা হল MBBS
#আদিমবাসী #আদিবাসী

01/05/2026

#আদিবাসী শ্ৰমিকৰ আৰ্তনাদ।।

✍🏽 মঞ্জিত কুৰ্মী ।

চাহপাতৰ সেউজীয়া বাগিচাত
ৰ’দে পোৰা মোৰ হাত,
দুসাঁজ পেটৰ ভোক মাৰিবলৈ
তুলি যাওঁ সেউজীয়া পাত।

পুৱাৰ শীতত নাচি উঠে ঝুমইৰ
সন্ধিয়াৰ হাঁহিত লুকাই চকুপানী,
হাজিৰাৰ বহীত হিচাপ মোৰ
তথাপি জীৱন দৈনিক ঋণী।

মোৰ কঁকালৰ টোকাৰীত বাজে
পুৰণি দিনৰ সুৰ,
নতুন চৰকাৰ আহে আৰু যায় ।।
নহয় সলনি মোৰ ভাগ্যৰ নিষ্ঠুৰ।

শুনিছানে বাবু, চহৰৰ মালিক?
মোৰ ঘামৰ দাম ক’ত?
তোমাৰ চাহৰ কাপত মিঠা হাঁহি,
মোৰ জুপুৰিত কেৱল আৰ্তনাদ।

এদিন জাগিব মোৰ প্ৰতিবাদৰ মাত,
ভাঙিব নিৰৱ শিকলি,
সেইদিনা সুধিম হাজিৰাৰ হিচাপ ।
ন্যায়ৰ পোহৰেৰে জ্বলি।
কৰি যাম সংগ্ৰামৰ জীৱন যুদ্ধ।।
#আদিমবাসী

Address

Sapekhati
785692

Alerts

Be the first to know and let us send you an email when অসম চাহ জনজাতি ছাত্র সন্থা সাপেখাতী উপ শাখা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share