নিৰিবিলি জোনাক

নিৰিবিলি জোনাক Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from নিৰিবিলি জোনাক, Social Media Agency, Sualkuchi.

10/01/2023

বিহু বিহু লাগিছে গাত

09/01/2023

মাঘ বিহু আৰু আমাৰ সংস্কাৰ # আধুনিকতাৰ বেশভূষাত কিছুমান তথাকথিত সংস্কাৰী মানুহে নিজৰ সংস্কাৰ নিজেই কলুষিত কৰে # সংস্কাৰৰ কিছু নমুনা :
---------------------------------------------

মাঘ বিহু আহিল ৷ আমাৰ পবিত্ৰ মকৰ সংক্ৰান্তিটোকে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ধৰণে মানা হয় ৷ মাঘ মাহত অনুষ্ঠিত এই মাঘ বিহুটো অসমীয়া মানুহৰ বাবে এটা অতি পবিত্ৰ উৎসব ৷ এই বিহুতে আমি নিজৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠসকলক সেৱা জনাওঁ, তেওঁলোকৰ আশীৰ্বাদ লওঁ ৷ এইটো এটা পৰম্পৰাগতভাৱে চলি অহা সংস্কাৰ ৷ কোনো পৰিস্থিতিতে আৰু কোনো স্বাৰ্থৰ বিনিময়ত এই চলি অহা সংস্কাৰ সাধাৰণতে সলনি নহয় ৷ এই সুযোগতে সকলোলৈকে আগতীয়াকৈ মই মাঘ বিহুৰ হিয়াভৰা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ৷

আজি কালি দিন সলনি হ’ল, সময় সলনি হ’ল ৷ কিছুমান মানুহৰ সংস্কাৰো কিছু সন্দেহযুক্ত হ’ল ৷ তেওঁলোকৰ সেই সংস্কাৰ ঠাই আৰু ব্যক্তি বিশেষে বা স্বাৰ্থ আৰু সুবিধা অনুযায়ী সলনি হয় ৷ বহুত মানুহে আকৌ কেতিয়াবা নিজক ভাল দেখুৱাবলৈ গৈওঁ নিজৰ সংস্কাৰৰ কথা পাহৰি যায় বা ইচ্ছাকৃতভাৱে সলনি কৰে ৷ যেনে....

** সমাজত দুই চাৰিজন এনেকুৱা মানুহো আছে যিয়ে বিহু পূজা বুলি কেতিয়াওঁ নিজৰ মাক দেউতাকক সেৱা কৰি পোৱা নাই, মাক দেওঁতাকৰ আশীৰ্বাদ লৈ পোৱা নাই, বিহু পূজা বুলি নিজৰ মাক দেওঁতাকৰ লগত একেলগে বহি এসাঁজ ভাতো হয়টো কেতিয়াওঁ খাই পোৱা নাই ৷ ওলোটাই যিমান পাৰে মাক দেউতাকক সিমান কষ্ট দিলে, যিমান পাৰে সিমান কষ্ট দিলে ৷

** নিজৰ মাক দেউতাকক কষ্ট দিয়া এই সকল মানুহে আকৌ আনৰ মাক দেউতাকক বৰ সন্মান কৰা দেখুৱায়, বিহু পূজাই বৰ সেৱা কৰা দেখুৱায়, আনৰ মাক দেউতাকৰ পৰা আশীৰ্বাদ লোৱা দেখুৱায় ৷ নিজৰ মাক দেউতাকক তেনেকুৱা কৰি জীৱনত যি পাপ অৰ্জন কৰিলে, সেই আৰ্জিত পাপ শ্বোবাজিৰ নামত আনৰ মাক দেউতাকক কৰি মোচন কৰিব পাৰিবনে ? নিজৰ মাক দেউতাকক সেৱা কৰি নোপোৱা, সন্মান কৰিব নাজানা সকলৰ পৰা সেৱা লোৱা আনৰ মাক দেউতাক সকলো সেই পাপৰ সমভাগী নহ’লনে ? এনেকুৱা ক্ষেত্ৰত সেৱা কৰাসকলৰে কিবা শ্ৰদ্ধা ভক্তি থাকিল নে সেৱা লোৱা সকলৰে আশীৰ্বাদৰ কিবা মূল্য থাকিল ? কেৱল স্বাৰ্থজড়িত আধুনিকতাৰ শ্বোবাজি এটাহে সমাজক দুয়োফালৰ পৰা দেখুওৱা হ’ল ৷ এনেকৈয়ে বৰ্তমান সমাজৰ এইসকল তথাকথিত ভদ্ৰ মানুহে আধুনিকাতাৰ বেশভূষাত নিজৰ সংস্কাৰ পাহৰি যোৱাৰ লগতে আনৰ কুসংস্কৰকো প্ৰশ্ৰয় দিয়ে ৷

** ওপৰত উল্লেখ কৰা প্ৰথম শ্ৰেণীৰ যি দুই চাৰিজন মানুহ আছে, সেইসকলে আকৌ সমাজত নিজে নিজে আগবাঢ়ি গৈ গা ঘেলাই ফুৰে ৷ মানুহে পিছত যিমান যি নকলেও তেওঁলোকে কেতিয়াও লাজ নাপায় ৷ লাজ পোৱা মানুহ হলেতো তেনেকুৱা নীচ কাম কৰিবই নোৱাৰে ৷ নিজৰ মাক দেওঁতাক তেনেকুৱা কৰাতকৈ আৰু কিবা বেছি নীচ কাম এই পৃথিৱীত আছে নেকি বাৰু ? এনেকুৱা নীচ মানুহবোৰক সংগ বা প্ৰশ্ৰয় দি মূৰৰ ওপৰত তুলি ৰখা সকলৰো সংস্কাৰ সন্দেহজনক নহয় নে ?

** এই মাঘ বিহুত যিসকল সঁচাকৈ সংস্কাৰী মানুহ, তেওঁলোকে এনেকুৱা নীচ প্ৰকৃতিৰ মানুহবোৰক সংগ দি পবিত্ৰ বিহুটোক যেন অপবিত্ৰ নকৰে ৷ নিজৰ পিতৃ মাতৃক চিনি নোপোৱা তেওঁলোকৰ সেই কুসংস্কাৰ আপোনালোকলৈ আৰু আপোনালোকৰ উঠি অহা ল’ৰা ছোৱালীসকলৈ যাতে সংক্ৰমিত নহয়, তাৰ বাবে সাৱধান হ’ব কাৰণ পিছত যাতে পস্তাবলগীয় নহয় ৷ সেইসকলে নিজৰ পিতৃ মাতৃৰ লগত যি কৰিছে, তেওঁলোকৰ ল’ৰা ছোৱালীও যে তেওঁলোকক তাকেই কৰিব, সেইয়া নিশ্চিত আৰু সেই সময় তোমালোকৰো ওচৰ চাপি আহি আছে ৷

** পবিত্ৰ এই মাঘ বিহুৰ দিনা এনেকুৱা মানুহ কিছুমানৰ লগত ফটো উঠি ফেচবুকত শ্বেয়াৰ কৰাৰ আগতে এশবাৰ চিন্তা কৰি চাব যাতে তেওঁলোকৰ সেই কলা দাগ আপোনালোকৰ গাতো নালাগে কাৰণ সমাজৰ বহুতেই এতিয়া তেনেকুৱা মানুহক চিনি পাবলৈ ধৰিছে ৷ গতিকে আপোনালোকে চিনি নোপোৱাৰ ভাওঁ ধৰি সেই ভুলটো নকৰিব যিটোৱে আপোনাৰ সংস্কাৰৰ ওপৰতো অন্য মানুহৰ মনত সন্দেহৰ সৃষ্টি কৰিব ৷

** বহুত মানুহে কেতিয়াবা বহুত কাৰণত depression অত ভোগে ৷ মই নিজেই তেনেকুৱা দুই চাৰিজন মানুহ লগ পাইছো আৰু তেওঁলোকৰ তেনেকুৱা সময়ত যিমান পাৰো সহায় কৰিছো, প্ৰয়োজনত নিজৰ লগত ৰাখি হ’লেও সকলো প্ৰকাৰৰ mental support দিছো ৷ তেওঁলোকৰ দূৰ্যোগ আৰু বিপদৰ সময়ত মাহ মাহ ধৰি এখন বেলেগ দেশত মই নিজে সকলো খৰচ বহন কৰি তেওঁলোকক সেই বিপদৰ পৰা উদ্ধাৰ কৰিছো ৷ আমি নিজৰ স্বাৰ্থৰ কাৰণে মানুহক কেতিয়াও বিপদলৈ ঠেলি নিদিও, নিজৰ কিবা ক্ষতি হলেওঁ বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰো ৷ এইয়া হ’ল আমাৰ সংস্কাৰ ৷ এনেকুৱা কাম মই বুলিয়ে নহয়, মানৱ দৰদী বহু মানুহেই আমাৰ অজানিতে হয়তো কৰি থাকে ৷

** আনহাতে এইখন সমাজতে এনেকুৱা মানুহো দুই চাৰিজন আছে যিয়ে নিজৰ জন্ম দিয়া পিতৃ মাতৃকো নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে intentionally depression অত ভোগাই তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে ৷ এইয়া হ’ল তেওঁলোকৰ সংস্কাৰ ৷ এনেকুৱা দুই এজনক কিছুমান মানুহে লগ দি বা প্ৰশ্ৰয় দি নিজক আকৌ বৰ সংস্কাৰী দেখুৱাই ফুৰে ৷ এইয়াই হ’ল তেওঁলোকৰ তথাকথিত সংস্কাৰৰ নমুনা ৷

** যিবোৰ মানুহে নিজৰ স্বাৰ্থৰ বাবে পিতৃ মাতৃক গাদ্দাৰী কৰে, লগ বন্ধুক গাদ্দাৰী কৰে আৰু পিছত নিজক ভাল মানুহ জহাবলৈ মানুহৰ ঘৰে ঘৰে ফোন কৰি কৈফিয়ৎ দি ফুৰে ৷ এই মানুহবোৰৰ মেৰুদণ্ড কিমান পোন, ইয়াতেই বুজি পোৱা যায় ৷ নিজৰ স্বাৰ্থৰ কাৰণে একেখন সমাজৰে কিমানক গাদ্দাৰী কৰিছে, কিমানক কিমানৰ লগত বেয়া কৰিছে তাৰ হিচাব নাই ৷ সেইকাৰণে নিজৰ দোষ ঢাকিবলৈ আনৰ ওচৰত কৈফিয়ৎ দি ফুৰিব লগা হয় ৷ কিন্তু মানুহে চিনি পোৱা হৈ গ’ল ৷ নিজৰেই যেতিয়া মেৰুদণ্ড নাথাকে লাজ বোলা বস্তুটোনো ক’ত থাকিব ? বহুত মানুহে তেওঁলোকৰ এই কথাবিলাক জনাৰ পিছতো
তেওঁলোকে নিৰ্লজভাৱে মানুহৰ ওচৰত সৰু হৈ হলেওঁ ভালৰি লগাব চাই যিটো আমাৰ চৰিত্ৰ আৰু সংস্কাৰ নহয় ৷

আমি আগতে কোনো এনেকুৱা সংস্কাৰ মানা নাছিলো ৷ মানুহ হিচাপে সকলোকে সমানে দেখা এটা সংস্কাৰত বিশ্বাস কৰিছিলো ৷ কিন্তু কিছুমান মানুহৰ নীচ মানসিকতাই এতিয়া আমাকো অলপ ভাবিবলৈ বাধ্য কৰাইছে ৷ আনৰ ঘৰত এসাঁজ ভাত খাবলৈ মাতিলেও নিজৰ সকলো সংস্কাৰ মাটিৰ লগত মিহলি কৰি দিয়া মানুহো এইখন সমাজতে আছে ৷ নিজৰ সংস্কাৰক এসাঁজ ভাতৰ লগত তুলনা নকৰিব ৷ ভাত মানুহে অনাথ আশ্ৰম বা বৃদ্ধাশ্ৰমতো খাবলৈ পায় ৷ কিন্তু পিতৃ মাতৃক চিনি নোপোৱাসকলক বেছি প্ৰশ্ৰয় দি সমাজত বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি নকৰিব ৷ পিছত আপোনালোকৰ ল’ৰা ছোৱালীৱেও আপোনালোকক বৃদ্ধাশ্ৰমৰ আলহী কৰি এৰি দিবলৈ কুণ্ঠাবোধ নকৰিব ৷

গতিকে আধুনিকতাৰ বেশভূষাত নিজৰ সঁচা সংস্কাৰক কলুষিত কৰি পিতৃ মাতৃক চিনি নোপোৱা সকলৰ এই কুসংস্কাৰক আপোনালোকৰ নতুন প্ৰজন্মলৈ সংক্ৰমিত হ’বলৈ নিদিব ৷

31/12/2022

৷৷৷ নৱবৰ্ষৰ শুভেচ্ছা !!!

নতুন বছৰে সকলোলৈকে
শুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক
সংকীৰ্ণতা, কপটতা, ভেদাভেদ পাহৰি
সম্প্ৰীতিৰ এনাজৰীৰে আগবাঢ়ি যাওঁক…!!!

পুৰণি যাব, নতুন আহিব
অহা যোৱা এনেকৈ চলিয়ে থাকিব
আমি কোনো নাথাকিলেও
জোন বেলি সদায় ওলায়ে থাকিব
গছে পাত সলোৱাৰ দৰে
সৰ্পই মোট সলোৱাৰ দৰে
মানুহো সলনি হৈ থাকিব
তথাপিও প্ৰকৃতিৰ নিয়ম
সদায় একেই থাকিব
দিন ৰাতি হৈয়ে থাকিব
আমি নাথাকিলেও
প্ৰকৃতিয়ে পুৰণিক বিদায় দি
নতুনক আদৰি ল’ব….!!!

তেনেহ’লে কিহৰনো ইমান মান,অভিমান,
খোৱা কামোৰা আৰু অহংকাৰ
চাৰিখুটিৰ মাজত উলঙ্গ হৈ
সকলো হ’বা এদিন একাকাৰ
আজি যিমানেই কাপোৰৰ ৰঙ নসলালেও
সিদিনা সকলোৱে পিন্ধিবা এখনি শুকুলা বস্ত্ৰ
জাতি, ধৰ্মৰ ভেদাভেদ, সংকীৰ্ণতা আদিৰ ওপৰত
মানৱ ধৰ্মই হ’ল সকলোতকৈ ডাঙৰ অস্ত্ৰ...!!!

নতুন বছৰে সকলোকে
শুমতি দিয়ক
সকলোৰে মনৰ আশা আকাংক্ষা
পুৰণ হওঁক
আমাৰ তৰফৰ পৰাওঁ নতুন বছৰৰ
হিয়াভৰা শুভেচ্ছা গ্ৰহণ কৰক....!!!

বৰদা, কল্পনা আৰু কৃষ্ণাশু
৩১৷১২৷২০২২

27/12/2022

😂😂😂😂

27/12/2022

On 31st night 😂😂

25/12/2022

মইনা কলিজা ওলাই আহা

19/12/2022

Address

Sualkuchi

Alerts

Be the first to know and let us send you an email when নিৰিবিলি জোনাক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share