08/03/2023
সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে নাৰী সৱলীকৰণ, নাৰী-পুৰুষৰ মাজত সম মৰ্যাদা ইত্যাদিৰ শ্ল'গান দিয়া পৰিলক্ষিত হয়। কিন্তু কাৰ্যকৰণ কিমান কৰিছে আমি ক'ব নোৱাৰোঁ। আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় বা জনজাতীয় মহিলা সকল হস্ততাঁত বস্ত্ৰ শিল্পত অতি পাকৈত আৰু সুনিপুন। আমাৰ গ্ৰামাঞ্চলত এনে বহু শিপিনী আছে যি শ শ মেখেলা চাদৰ বব পাৰে; কিন্তু সেয়া বিক্ৰী কৰিবলৈ উচিত মূল্য বা উচিত মাধ্যম পাবলৈ সক্ষম নহয়। আনহাতে আমাৰ শিপিনী সকলৰ উৎপাদিত বস্ত্ৰ সমূহৰ জনপ্ৰিয়তা ইমানেই অধিক যে সেই বস্ত্ৰ সমূহ পাবলৈ বজাৰত গ্ৰাহক হাবাথুৰি খাবলগীয়া হয়। থলুৱা ভাৱে নিৰ্মিত সেই বস্ত্ৰ সমূহ পাবলৈ এক নিৰ্দিষ্ট ঠাইতহে উপলব্ধ হোৱাত গ্ৰাহকসকল প্ৰায়ে বিমুখ হ'বলগীয়া হয়। আমাৰ থলুৱা পৰম্পৰাগত বস্ত্ৰ সমূহৰ জনপ্ৰিয়তাৰ সুবিধা গ্ৰহণ কৰি সম্প্ৰতি বজাৰত পাৱাৰলুমৰ দ্বাৰা নিৰ্মিত সুলভ মূল্যৰ Érkok বা Arnai উপলব্ধ হোৱাত আমাৰ শিপিনী সকলৰ উৎপাদিত মেখেলা-চাদৰ, এৰকক্ , আৰনাই আদিৰ চাহিদা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। আমাৰ থলুৱা শিপিনী সকলে এই পাৱাৰলুমেৰে তৈয়াৰী পৰম্পৰাগত বস্ত্ৰ সমূহৰ বজাৰত বিক্ৰী কৰা কাৰ্যৰ বিৰোধিতা কৰা সময় সমাগত। আমাৰ জাতীয় সংগঠন সমূহেও এই ক্ষেত্ৰত নাৰী সমাজৰ সৈতে থিয় দিয়া উচিত।
সম্প্ৰতি তথ্য-প্ৰযুক্তিবিদ্যাৰ বিশ্বায়নৰ যুগত প্ৰতিটো সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় বা যিকোনো লেন-দেন ক্ৰমান্বয়ে Online যোগে প্ৰচলিত হ'বলৈ গৈ আছে। এনে এটা সময় আহিব য'ত দোকান বোলা কোনো মাধ্যমৰ অস্তিত্বই নাইকীয়া হ'বগৈ। প্ৰতিটো উৎপাদিত সামগ্ৰী online তে Store কৰি ক্ৰয়-বিক্ৰয় হ'ব। সেয়ে আমি আমাৰ গ্ৰামাঞ্চলৰ শিপিনী সকলক বিশ্বৰ সৈতে খোজত খোজ মিলাই আগবঢ়াই নিব লাগিব। আমিও আমাৰ শিপিনী সকলক Digitalized হ'বলৈ শিকাব লাগিব। তেওঁলোকক হাতত হাত ধৰি আগুৱাই লৈ যাব লাগিব। সেয়ে আমি এক পৰিকল্পনা হাতত লৈ এক ক্ষুদ্ৰ প্ৰচেষ্টা আপোনালোকৰ আগত লৈ আনিছোঁ- ।
Gaseng eMarketing হৈছে Amazon, Flipkart ৰ দৰে নিজৰ মন পচন্দৰ সামগ্ৰী ক্ৰয়-বিক্ৰয় কৰিব পৰা এক e-commercial App; অৰ্থাৎ নিজৰ হস্ততাঁত বস্ত্ৰ বা থলুৱা ভাৱে নিৰ্মিত আপুৰুগীয়া সামগ্ৰী online যোগে ক্ৰয় কৰিব পৰা মাধ্যম। আপোনাৰো যদি বিক্ৰী কৰিবলগীয়া মেখেলা -চাদৰ, Érkok, Arnai, গামোচা ইত্যাদি আছে তেন্তে উচিত মূল্য উল্লেখ কৰি আমালৈ প্ৰেৰণ কৰিব পাৰিব। আমি আপোনাৰ উৎপাদিত বস্ত্ৰ বা সামগ্ৰী সমূহ Gaseng eMarketing ৰ বিজ্ঞাপনত সংযোজন কৰিম আৰু আপোনাৰ উৎপাদিত বস্ত্ৰ সমূহ বিক্ৰী কৰি দিয়াৰ যৎপৰুনাষ্ঠি চেষ্টা কৰিম। গতিকে আহক আপোনালোক সকলোৱে আমাৰ গ্ৰুপত জইন কৰক লগতে নিজৰ বয়ন শিল্পক বিশ্বদৰবাৰত তুলি ধৰক।
ইয়াৰোপৰি উচ্চ শিক্ষা গ্ৰহণ কৰি বা লেখা-পঢ়া নিৰক্ষৰ নিবনুৱা সকলৰ বাবেও উপাৰ্জনৰ এক দিশ Gaseng eMarketing ত উপলব্ধ আছে। য'ত Gaseng eMarketing ৰ সৈতে নিতৌ এক বা দুঘণ্টা কাম কৰি প্ৰতি দিনে সন্তোষজনক উপাৰ্জন কৰি পৰিয়াল চলাব পৰা এক সূন্দৰ দিশ উপলব্ধ আছে গাছেং ইমাৰ্কেটিং LLPত।
*বি:দ্ৰ*- মেখেলা-চাদৰ বা অন্যান্য বিক্ৰী কৰিবলগীয়া সামগ্ৰী সমূহ সূন্দৰকৈ ফটো তুলি আমালৈ প্ৰেৰণ কৰক।
অধিক জানিবলৈ হ'লে অনুগ্ৰহ কৰি inbox ত massage কৰিব। ধন্যবাদেৰে-