23/08/2026
২ নং বিষ্ণুপুৰ বজাৰত ধৰ্মীয় উলাহ-উৎসাহেৰে ঝুলন যাত্ৰা উৎসৱ ।
২ নং বিষ্ণুপুৰ বজাৰত ধৰ্মীয় উলাহ-উৎসাহ আৰু ভক্তিভাৱেৰে ঝুলন যাত্ৰা উৎসৱ তথা নাম-কীৰ্তন আৰু লীলা-কীৰ্তন মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। উৎসৱৰ অংশ হিচাপে আজি অনুষ্ঠিত হয় অধিবাস কাৰ্যসূচী।
অধিবাসস্থলীত উপস্থিত থাকি ভগৱান শ্ৰীশ্ৰী ৰাধা-কৃষ্ণৰ পূজা মণ্ডপৰ দ্বাৰ মুকলি কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে বিজনীৰ বিশিষ্ট সমাজসেৱক ড° সুবীৰ কুমাৰ দাসে। আনহাতে, ভাণ্ডাৰ কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে ২ নং বিষ্ণুপুৰ বজাৰ কমিটিৰ উপদেষ্টা হৰিচৰণ বৰ্মনে।
অধিবাস উপলক্ষে অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ঝুলন উৎসৱ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন MCLA অতিন হাজঙে আতধৰা কাৰ্যসূচীৰ জৰিয়তে উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে।
ইয়াৰ লগতে উৎসৱ উপলক্ষে পৰম্পৰাগত ৰীতি-নীতিৰে পানী তোলা কাৰ্যসূচী অনুষ্ঠিত হয়। এই পৱিত্ৰ কাৰ্যসূচীত অঞ্চলটোৰ বহু সংখ্যক মহিলা আৰু যুৱতী একত্ৰিত হৈ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি নাচ-গানেৰে আনন্দ-উল্লাসত অংশগ্ৰহণ কৰে।
ভক্তি, আনন্দ আৰু উৎসাহৰ মাজেৰে সকলোৱে মিলি পানী তুলি আনে। পানী তোলা কাৰ্যসূচীক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক আনন্দমুখৰ আৰু ভক্তিময় পৰিৱেশ।
দিনসমূহত অনুষ্ঠিত হ’বলগীয়া শ্ৰীশ্ৰী ৰাধা-কৃষ্ণৰ ঝুলন যাত্ৰা উৎসৱ, নাম-কীৰ্তন আৰু লীলা-কীৰ্তন মহোৎসৱক লৈ ইতিমধ্যে ভক্ত তথা অঞ্চলবাসীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।