12/01/2026
এই নিৰ্বাচনত বিজনীৰ ৰাইজে এটা স্পষ্ট কথা মনত ৰাখিব লাগিব—যি নেতৃত্বই প্ৰশ্ন শুনিলেই block কৰে, সিহঁতে শাসনৰ দায়িত্ব ল’ব নোৱাৰে। ভোট ল’বলৈ আহিলে গণতন্ত্ৰ, কিন্তু প্ৰশ্ন আহিলে নীৰৱতা—এইটো নেতৃত্ব নহয়, এইটো ভোট-ভিত্তিক সুযোগবাদ।
বিজনীত উন্নয়নৰ কথা বহু বছৰ ধৰি কোৱা হৈছে। কিন্তু ৰাস্তাৰ অৱস্থা, স্বাস্থ্য ব্যৱস্থা, পানী, চাকৰি—এইবোৰ প্ৰশ্ন এতিয়াও একেই আছে। এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে যদি social media ত কণ্ঠ ৰোধ কৰা হয়, তেন্তে ৰাইজে বুজি ল’ব লাগে—সমস্যাটো প্ৰশ্নত নহয়, সমস্যাটো শাসনত।
এই নিৰ্বাচন ব্যক্তিগত ego ৰ নিৰ্বাচন নহয়। এইটো জবাবদিহিতাৰ নিৰ্বাচন। যি মানুহে সমালোচনা সহ্য কৰিব নোৱাৰে, সি ৰাইজৰ বিশ্বাস বহন কৰিব নোৱাৰে। Campaign ত ডাঙৰ ডাঙৰ কথা কোৱা সহজ, কিন্তু ভোটৰ আগতে ৰাইজৰ সৰল প্ৰশ্নৰ মুখামুখি হ’বলৈ সাহস লাগে।
Block কৰাটো ৰাজনৈতিক কৌশল নহয়; ই হৈছে ব্যৰ্থতাৰ স্বীকাৰোক্তি। Facebook ত block কৰিলে বাস্তৱ block নোহোৱা। বিজনীৰ সমস্যা গাঁৱত আছে, বজাৰত আছে, ঘৰত আছে—সেইবোৰ vote day ত কণ্ঠ হৈ ওলাই আহে।
বিজনীৰ ৰাইজ মূৰ্খ নহয়। কোনে উত্তৰ দিয়ে আৰু কোনে পলাই যায়—এইটো সকলোয়ে দেখে। এই নিৰ্বাচনত সিদ্ধান্ত স্পষ্ট হওক—যি প্ৰশ্নৰ পৰা পলাই যায়, তাক ভোটৰ দ্বাৰা উত্তৰ দিয়া হওক। গণতন্ত্ৰত নীৰৱতা কেতিয়াও উত্তৰ নহয়।