03/06/2024
সদৌ অসম সাংবাদিক সন্থা(আজু)গোলাঘাট জিলা সমিতি উদ্যোগত,
কৃতিত্বৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান
▶️সদৌ অসম সাংবাদিক সন্থা(আজু)গোলাঘাট জিলা সমিতি উদ্যোগত ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান দেওবাৰে দেৰগাঁও সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায়।সদৌ অসম সাংবাদিক সন্থা(আজুৰ) গোলাঘাট জিলা সমিতি সভাপতি দীপক শইকীয়াই আঁতধৰা এই অনুষ্ঠানত ভাল পাৰিদৰ্শিতা দেখুওৱা দহখন শিক্ষানুষ্ঠানৰ কতৃপক্ষলৈ ক্ৰমে,দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়,দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়,ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়,দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়,মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়,কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ব্ৰহ্মপুত্ৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়,ৰয়েল একাডেমী,আৰু উদয়ণ একাডেমীলৈ অভিনন্দন পত্ৰৰে সম্মান জনোৱা হয়।অনুষ্ঠানটিত শিক্ষানুষ্ঠান কেইখনৰ ৩৩ গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।অনুষ্ঠাত আমন্ত্ৰিত অতিথি দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত,জ্যেষ্ঠ সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকা,প্ৰবক্তা ড° ক্ষীৰেশ্বৰ লইং,প্ৰবীন সাংবাদিক তথা শিক্ষক ৰাজেন পূজাৰী,সমাজকৰ্মী তুষাৰ পাল,প্ৰবক্তা ৰত্নেশ্বৰ মৰাং,জ্যেষ্ঠ সাংবাদিক গীতিমণি বৰা আদিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।নিদিষ্ট বক্তা হিচাপে সৰ্বভাৰতীয় স্বেচ্ছাসেৱী সংস্থা 'সেৱা'ৰ পৰিচালক বিবেক বৰাই ছাত্ৰ-ছাত্ৰীসকলে অধ্যৱসায়ৰ মাজেৰে এটা সফল শৈক্ষিক জীৱন আগবঢ়াই নিয়াৰ লগতে এখন সুস্থ সমাজ নিৰ্মাণৰ ক্ষেত্ৰতো দায়বদ্ধতা পালন কৰিব লাগিব,এই বিষয়ে গঠনমূলক বক্তব্য আগবঢ়াই উৎসাহিত কৰে।অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনত সফলতা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে কঠোৰভাৱে নিয়মানুৱৰ্তিতা মানি চলিব লাগিব বুলি মন্তব্য কৰা লগতে বহুতকেইটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই।প্ৰবক্তা মৃদুল কুমাৰ দত্তই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ,উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে শিক্ষা সম্পৰ্কীয় গঠনমূলক বক্তব্য ৰাখে।আদৰ্শ কৃষক তথা সমাজকৰ্মী চাহাবুদ্দিন আহমেদেও ভাষণত উপস্থিত মহান ব্যক্তিসকলৰ সফলতাৰ আঁৰৰ কথা উল্লেখ কৰি কয় যে জীৱনলৈ অহা সকলো প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰি আগুৱাই যাব পাৰিলে ছাত্ৰ-ছাত্ৰীসকলে জীৱনত সফলতা লাভ কৰিব পাৰিবই।ঠিক একেদৰে সমাজকৰ্মী গোপাল কৃষ্ণ খাণ্ডদ,সমাজকৰ্মী প্ৰদীপ খাদৰীয়া,দেৰগাঁও নাগৰিক সন্থাৰ সম্পাদক প্ৰশান্ত মাধৱ বৰা,দেৰগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক অজয় বৰা,কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোতি কুমাৰী শৰ্মা,সু-লেখক বিজু বড়ি লগতে বহুত কেইজন গণ্যমাণ্য ব্যক্তি উপস্থিত থাকি বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ গোলাঘাট জিলা সমিতিয়ে আয়োজন কৰা অভিনন্দন অনুষ্ঠানৰ পদক্ষেপক শলাগ লয়।অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থা(আজু)কেন্দ্ৰীয় সমিতিৰ তথ্য আৰু প্ৰচাৰ সম্পাদিকা পপী শইকীয়াও উপস্থিত থাকে।বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠানত দেৰগাঁও সাহিত্য সভাৰ সম্পাদক বিচিত্ৰ ভূষন কলিতা,যুৱ ব্যৱসায়ী ৰাজীৱ উপ্যাধায়,যুৱ সমাজকৰ্মী ভাস্কৰ পূজাৰী,জিসান জংগম বৰা,দিগন্ত নাথ,পলাস বৰা,অৰবিন্দ বৰা,পংকজ দত্ত,ভৃগুকুমাৰ দাস,দয়া ৰবি দাস,যুৱ সাংবাদিক আনিন্দ সুন্দৰ শমা ঠাকুৰ,সত্যজিৎ হাজৰীকা,মাধুৰ্য বৰা,যুৱ লিখক অমৰ বৰুৱা,মহিলা সমাজকৰ্মী অৱনী বৰঠাকুৰ,দেৰগাঁও লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ৰেণু বৰা,সম্পাদিকা কল্পনা দত্ত বৰা,সমাজকৰ্মী দ্বীপেন বৰঠাকুৰ,কবি ধ্ৰুৱজ্যোতি বৰা,ছাত্ৰ নেতা কাশ্যপ নন্দন কলিতা,মালা তামুলীকে আদিকৰি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ লয়।স্থানীয় জ্যেষ্ঠ কন্ঠশিল্পী কুমিজ হাজৰীকাৰ নেতৃত্বত অনুষ্ঠানৰ আৰম্ভনিতে মহিলা শিল্পী সকলে এটি সমৱেত সংগীত পৰিৱেশন কৰাৰ লগতে অনুষ্ঠানৰ মাজত যুৱ কন্ঠশিল্পী ৰাতুল ৰাজ,আৰু কৃতি ছাত্ৰী অন্তৰীক্ষা কলিতাই সুমধুৰ গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰি ৰাখে।সদৌ অসম সাংবাদিক সন্থা(আজু)গোলাঘাট জিলা সমিতি বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থকা শিক্ষাগুৰু সকলে ছাত্ৰ-ছাত্ৰীৰ সকলৰ উচ্চ শিক্ষাৰ দিশত প্ৰয়োজনীয় বহু গুৰুত্বপূণ বিষয় উল্লেখ কৰাও দেখা গ'ল।