05/10/2025
Please use your Headphone
অভিমন্যুক বধ
কবি, পবিত্ৰ বৰঠাকুৰ। দুলীয়াজান
Recitation by : Bhaswati Devi
----+++++----
কুৰুক্ষেত্ৰ ৰণৰ
কৰুণ বিননি
সপ্তৰথীৰ
বেহুৰ ভিতৰত অৰ্জুনৰ পুত্ৰ বীৰ অভিমন্যু।
সপ্তৰথীৰ বেহুত এফালে যদি দুশাসন
এফালে গুৰু দ্ৰোণাচাৰ্য ,কৃপাচাৰ্য অহংকাৰী দুৰ্যোধন,
গুৰুৰ পুত্ৰ অশ্বত্থামা, মহাবীৰ কৰ্ণ আৰু শৈল্য । অভিমন্যুক
নৃশংস অন্যায় ভাৱে হত্যা কৰা হ'ল। বাহুবলী জয়দথ ,দুশাসন দুৱাৰ ৰখীয়া ।
সপ্তৰথীৰ বেহুৰ ভিতৰত দুগ্ধপুষ্ট অভিমন্যুৰ কাতৰ আৰ্তনাদ
অৰ্ধয্য জেষ্ঠপিতা বিকোদৰ ।
যুদ্ধ দিও নোৱাৰিলে
সৰ্বশক্তিমান বিকোদৰে ,সকলো চেষ্টা বিফল । বেহুঁফালি ওলোৱাৰ বাট বিচাৰি নেপালে বীৰ অভিমন্যুই।
অৱশেষত সপ্তৰথীৰ আক্ৰমণত ,নিহত বীৰ অভিমন্যুৰ। মহাভাৰতৰ কলংকিত অধ্যায় ।
আৰু আমি বিশ্বাস কৰি লমনেকি
সকলো ঈশ্বৰৰ ইচ্ছা?