02/05/2026
উত্তৰাধিকাৰী প্ৰমাণপত্ৰ Next of Kin Certificate
মৃত্যুৰ পিছত কেৱল 'Death Certificate' খন হ’লেই সকলো কাম সম্পূৰ্ণ নহয়। আইনী কাম-কাজ আৰু মৃত ব্যক্তিজনৰ সম্পত্তিৰ অধিকাৰ সাব্যস্ত কৰিবলৈ 'Next of Kin (NoK) Certificate' বা উত্তৰাধিকাৰী প্ৰমাণপত্ৰখন অতি গুৰুত্বপূৰ্ণ।
এই প্ৰমাণপত্ৰখনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় নথি হ’ল শপতপত্ৰ (Affidavit):
উত্তৰাধিকাৰী প্ৰমাণপত্ৰৰ আবেদন কৰিবলৈ এজন অধিবক্তাৰ দ্বাৰা প্ৰস্তুত কৰা আৰু নটাৰী বা মেজিষ্ট্ৰেটৰ দ্বাৰা সত্যায়িত কৰা এখন শপতপত্ৰ (Affidavit) বাধ্যতামূলক। এই শপতপত্ৰত পৰিয়ালৰ সকলো সদস্যৰ বিৱৰণ আৰু মৃত ব্যক্তিজনৰ সৈতে থকা সম্পৰ্কৰ কথা শপত খাই ঘোষণা কৰিব লাগে।
এই প্ৰমাণপত্ৰখন কেতিয়া প্ৰয়োজন হয়?
: মৃত ব্যক্তিজনৰ বেংক একাউণ্টৰ ধন বা বীমাৰ (Insurance) টকা দাবী কৰিবলৈ।
: মৃত ব্যক্তিজনৰ নামত থকা মাটি-বাৰী উত্তৰাধিকাৰীৰ নামলৈ বদলি (Mutation) কৰিবলৈ।
: চৰকাৰী আঁচনি বা পেঞ্চনৰ সুবিধা লাভ কৰিবলৈ।
কিদৰে আবেদন কৰিব?
বৰ্তমান অসমত আপুনি 'Sewa Setu' পৰ্টেলৰ জৰিয়তে অনলাইনযোগে ইয়াৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ’ল:
১/ মৃত্যুৰ প্ৰমাণপত্ৰ (Death Certificate)।
২/ পৰিয়ালৰ সদস্যসকলৰ পৰিচয় পত্ৰ (Voter ID/Aadhar আদি)।
৩/ আবেদনকাৰীৰ সৈতে মৃত ব্যক্তিজনৰ সম্পৰ্কৰ প্ৰমাণ।
৪/ গাঁওবুঢ়া বা পৌৰসভাৰ প্ৰতিবেদন।
৫/ শপতপত্ৰ (Affidavit) — য’ত উত্তৰাধিকাৰীসকলৰ নাম স্পষ্টকৈ উল্লেখ থাকে৷