Golaghat Aab tak

Golaghat Aab tak Positive :- Information Stories Achievement

*গোলাঘাটত স্বাস্থ্য খণ্ডৰ অভিভাৱক বিষয়া উপস্থিত* *স্বাস্থ্যসেৱা সুবিধাৰ বিস্তৃত পৰ্যালোচনা*গোলাঘাট, ১১ ছেপ্টেম্বৰ ২০২৬:অ...
12/09/2026

*গোলাঘাটত স্বাস্থ্য খণ্ডৰ অভিভাৱক বিষয়া উপস্থিত*

*স্বাস্থ্যসেৱা সুবিধাৰ বিস্তৃত পৰ্যালোচনা*

গোলাঘাট, ১১ ছেপ্টেম্বৰ ২০২৬:

অসম চৰকাৰৰ পৰিয়াল কল্যাণ বিভাগৰ স্বাস্থ্য সেৱাৰ সঞ্চালক তথা গোলাঘাট জিলাৰ অভিভাৱক বিষয়া, শ্ৰী কমলজীত তালুকদাৰে আজি গোলাঘাট জিলাত উপস্থিত হৈ
জিলাখনৰ দুখন চিকিৎসালয়ৰ বিস্তৃত পৰিদৰ্শন কৰি বিভিন্ন স্বাস্থ্যসেৱা সুবিধা তথা কাৰ্যসূচী সমূহৰ পৰ্যালোচনা কৰে।

স্বাস্থ্য সঞ্চালক গৰাকীয়ে প্ৰথমে মৰংগী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভ্ৰমণ কৰে, য'ত তেওঁ ইউ - ৱিন, কল্ড চেইন, লেবৰেটৰী, প্ৰতিষেধক সেৱা, প্ৰসৱ সেৱা আৰু বহিঃ বিভাগ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়চোৱাত তেখেতে মৰঙী স্বাস্থ্য কেন্দ্ৰৰ ইন-চাৰ্জ, স্বাস্থ্য বিষয়া , চিকিৎসাকৰ্মী, প্ৰগ্ৰেমৰ বিষয়াসকল তথা ৰোগী সকলৰ সৈতে মত বিনিময় কৰে। প্ৰাক - প্ৰসৱ সেৱা, যক্ষ্মা ৰোগৰ স্থিতি, শিশুৰ স্বাস্থ্য আৰু মাতৃ তথা শিশুৰ পুষ্টিৰ অৱস্থাৰ বিষয়ে আলোচনা কৰে। তেখেতৰ ভ্ৰমণৰ সময়ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, ডা: ৰাজীৱ ৰঞ্জন গগৈ, ডি পি এম, অনুষ্কা বৰা, ডি এম ই, পুৰ্বালী হাজৰিকা উপস্থিত থাকে।

পৰবৰ্তী সময়ত স্বাস্থ্য সঞ্চালক গৰাকীয়ে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি মাতৃ আৰু শিশু বিভাগৰ এ এন চি (প্ৰসৱপূৰ্বক) ৱাৰ্ড, পোষ্ট-নেটাল ( প্ৰসৱপূৰ্ণ) ৱাৰ্ড আৰু আই চি ইউ পৰিদৰ্শন কৰে। জিলা চিকিৎসালয় খনত উপলব্ধ বিভিন্ন সেৱাৰ উপলব্ধতাৰ বিষয়ে বুজ লবলৈ তেওঁ ৰোগী আৰু পৰিচাৰকৰ সৈতে মত বিনিময় কৰে। জিলা চিকিৎসালয়ৰ আয়ুষ্মান ভাৰত সেৱাৰ উপলব্ধতা আৰু প্ৰতিষেধক সেৱাৰ বিষয়ে অধীক্ষক, ডা: দিলীপ ডেকা তথা উপ অধীক্ষক, ডা: বিপুল দাস আৰু অন্যান্য স্বাস্থ্য বিষয়া সকলৰ লগত আলোচনাত মিলিত হয়।

আজি ভ্ৰমণ কাৰ্যসূচী সম্পন্ন কৰি গোলাঘাট জিলাৰ সংহত জিলা আয়ুক্তৰ কার্যালয়ৰ সভা কক্ষত এক জিলা পর্যায়ৰ পর্যালোচনা সভা অনুষ্ঠিত হয়। এই সভাৰ
জৰিয়তে অভিভাৱক বিষয়া গৰাকীৰ পৰ্যবেক্ষণ প্ৰস্তুত কৰে। তদুপৰি, গোলাঘাটৰ জিলা উপায়ুক্ত শ্ৰী বিশ্বজিৎ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিভিন্ন বিষয়ৰ ওপৰত এক বিতং পৰ্যালোচনা হয়। এই সভাত শ্ৰী জিন্টু বৰা, অতিৰিক্ত আয়ুক্ত (স্বাস্থ্য), স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, ডাঃ ৰাজীব ৰঞ্জন গগৈ, জিলা চিকিৎসালয়ৰ উপ - অধীক্ষক, ডাঃ বিপুল দাসৰ লগতে জিলা প্ৰতিষেধক বিষয়া, ডা: কবিতা উজীৰ, বিভিন্ন স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া সকল, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সংশ্লিষ্ট বিষয়া সকল আৰু কাৰ্যসূচীৰ লগত জঢ়িত স্বাস্থ্য কৰ্মীসকলে অংশগ্ৰহণ কৰে। পৰ্যালোচনাত সমগ্ৰ গোলাঘাট জিলাত স্বাস্থ্যসেৱা প্ৰদান সবল কৰা, স্বাস্থ্য কাৰ্যসূচীৰ ফলপ্ৰসূ ৰূপায়ণ আৰু সেৱাৰ মান আৰু সুলভতা উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

09/09/2026

কিডজী গোলাঘাটত সংস্কৃতি আৰু পৰম্পৰাৰ উৎসাহপূৰ্ণ উদযাপন

শিশুসকলক সাংস্কৃতিক আৰু নৈতিক মূল্যবোধৰ সৈতে পৰিচয় কৰোৱাৰ প্ৰয়াস

নিজা সংবাদদাতা, গোলাঘাট

গোলাঘাট: কলেজ তিনিআলিস্থিত কিডজী গোলাঘাটত শিশুসকলক ভাৰতীয় তথা অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু নৈতিক মূল্যবোধৰ সৈতে পৰিচয় কৰোৱাৰ উদ্দেশ্যে বিভিন্ন গুৰুত্বপূৰ্ণ উৎসৱ উলহ-মালহ আৰু ভক্তিভাৱেৰে উদযাপন কৰা হয়।

যোৱা ২৮ আগষ্টত বিদ্যালয়খনত ৰক্ষাবন্ধন উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষা নৱনীতা হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষাবন্ধনৰ তাৎপৰ্যৰ বিষয়ে অৱগত কৰে। তেওঁ প্ৰেম, স্নেহ, যত্ন, সন্মান তথা ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্কৰ গুৰুত্ব শিশুসকলক সহজ ভাষাত বুজাই দিয়ে।

ইয়াৰ পিছত ৪ ছেপ্টেম্বৰত জন্মাষ্টমী উদযাপন কৰা হয়। অধ্যক্ষা নৱনীতা হাজৰিকাই শিশুসকলক ভগৱান শ্ৰীকৃষ্ণৰ জন্ম আৰু জন্মাষ্টমীৰ তাৎপৰ্যৰ বিষয়ে অৱগত কৰে। তেওঁ শিশুসকলক দয়া, সত্য, প্ৰেম আৰু ধৰ্মৰ পথত চলিবলৈ অনুপ্ৰাণিত কৰে। ছাত্ৰ-ছাত্ৰীসকলে অতি উৎসাহেৰে অনুষ্ঠানত অংশগ্ৰহণ কৰাত সমগ্ৰ পৰিৱেশ আনন্দমুখৰ আৰু জ্ঞানবৰ্ধক হৈ পৰে।

আনহাতে, ৭ ছেপ্টেম্বৰত পৱিত্ৰ ভাদ মাহ উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক এখন নামঘৰলৈ লৈ যোৱা হয়। এই পদক্ষেপৰ জৰিয়তে শিশুসকলে অসমীয়া সমাজৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰাক ওচৰৰ পৰা জানিবলৈ আৰু বুজিবলৈ সুযোগ লাভ কৰে। অধ্যক্ষা নৱনীতা হাজৰিকাই শিশুসকলক ভাদ মাহৰ গুৰুত্ব তথা অসমীয়া সংস্কৃতি, ভক্তি, সামূহিক একতা আৰু নৈতিক মূল্যবোধ সংৰক্ষণত নামঘৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে অৱগত কৰে।

কিডজী গোলাঘাটে আয়োজন কৰা এই অনুষ্ঠানসমূহৰ মূল উদ্দেশ্য হৈছে শিশুসকলৰ মাজত কম বয়সৰ পৰাই সাংস্কৃতিক সচেতনতা গঢ়ি তোলা আৰু তেওঁলোকক নিজৰ সমৃদ্ধ ঐতিহ্য আৰু পৰম্পৰাক বুজিবলৈ, সন্মান কৰিবলৈ তথা সংৰক্ষণ কৰিবলৈ অনুপ্ৰাণিত কৰা।

বিদ্যালয়ৰ শিক্ষয়িত্ৰী আলপনা দুৱৰা, কনকনা দুৱৰা, জুনমণি হাজৰিকা, ৰিমা পল আৰু নিশাত-এ সকলো অনুষ্ঠানতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ লগতে শিশুসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু সহযোগিতা আগবঢ়ায়।

এনে অৰ্থপূৰ্ণ অনুষ্ঠান আৰু অভিজ্ঞতাৰ জৰিয়তে কিডজী গোলাঘাট, কলেজ তিনিআলিয়ে শিশুসকলৰ শিক্ষাক অধিক সমৃদ্ধ আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখিছে। শিক্ষাৰ লগতে সংস্কৃতি, পৰম্পৰা আৰু সমাজৰ নৈতিক মূল্যবোধৰ সৈতে শিশুসকলক সংযোগ কৰাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ এই পদক্ষেপ বিশেষভাৱে প্ৰশংসনীয়।

Many Programme Organised at Kidzee Golaghat

09/09/2026

जन्माष्टमी पर कई कार्यक्रम

*প্ৰেছ বিজ্ঞপ্তি*৮ ছেপ্টেম্বৰ, ২০২৬*গোলাঘাট কমাৰ্চ কলেজত এন চি চি কেডেটৰ সৈতে টি বি মুক্ত ভাৰত অভিযানৰ কাৰ্যসূচী অনুষ্ঠি...
09/09/2026

*প্ৰেছ বিজ্ঞপ্তি*

৮ ছেপ্টেম্বৰ, ২০২৬

*গোলাঘাট কমাৰ্চ কলেজত এন চি চি কেডেটৰ সৈতে টি বি মুক্ত ভাৰত অভিযানৰ কাৰ্যসূচী অনুষ্ঠিত*

টিবি মুক্ত ভাৰত অভিযানৰ অংশ স্বৰূপে আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত এনচিচি কেডেট সকলক সাঙুৰি জন- ভাগীদাৰীক শক্তিশালী কৰি যুৱক-যুৱতীসকলক যক্ষ্মা (টিবি)ৰ বিৰুদ্ধে যুঁজত জড়িত কৰাৰ উদ্দেশ্যেৰে এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ টিবি মুক্ত ভাৰতৰ প্ৰচেষ্টাৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী আয়োজন কৰা হয়।

২৪ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত প্ৰগতি বৈঠকৰ সময়ত আলোচনা কৰা মৰ্মে দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা নিৰ্দেশনা অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিভিন্ন বিভাগ সমূহৰ সহযোগিতামূলক ব্যৱস্থা অব্যাহত ৰাখি যুৱ পৰিক্ৰমা বিভাগৰ সৈতে সহযোগিতা আগবঢ়াইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি এন চি চি কেডেটসকলে টিবি মুক্ত ভাৰত অভিযানৰ সৈতে জড়িত কৰি 'মাই ভলোঁটিয়েৰ' বুলি চিনাক্ত কৰা হ’ব।

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত এন চি চি কেডেটসকলক টিবি প্ৰতিৰোধ, টিবিৰ লক্ষণসমূহ, আগতীয়াকৈ চিনাক্তকৰণৰ গুৰুত্ব, সময়মতে ৰোগ নিৰ্ণয় আৰু বিনামূলীয়া চিকিৎসা, যক্ষ্মা ৰোগৰ সৈতে জড়িত ভ্ৰান্তি বা ভুল ধাৰণা হ্ৰাস কৰাৰ বিষয়ে সংবেদনশীল কৰা হয়। কেডেটসকলক তেওঁলোকৰ সমনীয়া, পৰিয়াল আৰু সমাজত টিবিৰ বিষয়ে সঠিক তথ্য প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সক্ৰিয় অংশীদাৰ হ’বলৈ উৎসাহিত কৰা হয়।

এই পদক্ষেপে এনচিচিৰ কেডেটসকলক নিক্ষয় মিত্ৰ হিচাপে পঞ্জীয়ন কৰিবলৈ আৰু ভৱিষ্যতে টিবিৰ লগত জঢ়িত বিভিন্ন সভা আৰু প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ, আৰু সমুদায় পৰ্যায়ৰ সজাগতামূলক কাৰ্যক্ৰমত সহযোগ কৰিবলৈ উৎসাহিত কৰা হয়। তদুপৰি টিবি সংক্ৰমণ ৰোধৰ বাবে ধঁপাত/ ধূমপান, মদ আৰু ড্ৰাগছ পৰিহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্বচ্ছতা আৰু নিচা মুক্তিকে ধৰি যুৱক-যুৱতীসকলৰ জৰিয়তে সুস্থ জীৱনশৈলী আৰু স্বাস্থ্য বাৰ্তা প্ৰচাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

ভাৰত চৰকাৰে টিবি হাৰেগা, দেশ জীতেগা মূলমন্ত্ৰৰে যক্ষ্মা নিৰ্মূলৰ দিশত অগ্ৰগতি কৰাৰ বাবে বিভিন্ন বিভাগ, যুৱ সংগঠন আৰু সামূহিক প্ৰতিষ্ঠানক জড়িত কৰি সমন্বিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

আজি অনুষ্ঠিত কাৰ্যসূচীত ১২ অসম বেটেলিয়ন, গোলাঘাটৰ লেফটেনেণ্ট, শ্ৰী টি কন্যাক কে, কমাৰ্চ কলেজৰ অধ্যক্ষ, ড০ উৎপল শৰ্মা, জিলা যক্ষ্মা বিষয়া, ডা: উৎপল বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা সংবাদ বিশেষজ্ঞ, পূৰ্বালি হাজৰিকা, পি পি এম সমন্বয়ক, প্ৰেৰণা শইকীয়া, ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচী, গোলাঘাট গোটৰ, অপূৰ্ব বৰা, অবিনাশ গগৈ, পৰীস্মিতা কোঁৱৰ আৰু এনচিচি তথা মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সাঙুৰি ৮৫ জন যুৱক যুৱতী উপস্থিত থাকে।

असम पुलिस के दीक्षांत समारोह को मुख्यमंत्री डॉ. हिमंत विश्व शर्मा ने किया संबोधननवनियुक्त पुलिस अधिकारियों एवं जवानों से...
02/09/2026

असम पुलिस के दीक्षांत समारोह को मुख्यमंत्री डॉ. हिमंत विश्व शर्मा ने किया संबोधन

नवनियुक्त पुलिस अधिकारियों एवं जवानों से पेशेवर उत्कृष्टता और ईमानदारी के उच्चतम मानदंड बनाए रखने का आह्वान

महिलाओं की सुरक्षा के क्षेत्र में असम को देश का अग्रणी राज्य बनाना होगा : मुख्यमंत्री

अगले पांच वर्षों में असम पुलिस में 15 से 20 हजार युवाओं की होगी भर्ती

लाचित बरफुकन पुलिस अकादमी को अग्निवीर स्तर के प्रशिक्षण के लिए विकसित करने का निर्देश

दिसपुर, 2 सितंबर: मुख्यमंत्री डॉ. हिमंत विश्व शर्मा ने आज देरगांव स्थित लाचित बरफुकन पुलिस अकादमी में आयोजित असम पुलिस के दीक्षांत समारोह को संबोधित किया। समारोह में प्रशिक्षण पूर्ण करने वाले 32 उप पुलिस अधीक्षकों और संचार शाखा के 371 कांस्टेबलों सहित कुल 403 प्रशिक्षित अधिकारियों एवं जवानों ने भाग लिया।

इस अवसर पर मुख्यमंत्री ने कहा कि दीक्षांत समारोह वर्दीधारी सेवा से जुड़े प्रत्येक व्यक्ति के जीवन का एक अत्यंत महत्वपूर्ण और यादगार क्षण होता है। उन्होंने नवनियुक्त अधिकारियों और जवानों से साहस, अनुशासन, समर्पण और ईमानदारी के साथ अपने दायित्वों का निर्वहन करने तथा पेशेवर उत्कृष्टता के उच्चतम मानदंड बनाए रखने का आह्वान किया।

मुख्यमंत्री ने कहा कि उप पुलिस अधीक्षकों ने 52 सप्ताह का बुनियादी प्रशिक्षण सफलतापूर्वक पूरा किया है। प्रशिक्षण के दौरान उन्हें भारतीय न्याय संहिता, भारतीय नागरिक सुरक्षा संहिता, भारतीय साक्ष्य अधिनियम, पॉक्सो अधिनियम, शस्त्र अधिनियम, एनडीपीएस, साइबर अपराध, फोरेंसिक विज्ञान और बाल संरक्षण जैसे महत्वपूर्ण विषयों का प्रशिक्षण दिया गया। इसके साथ ही हथियार संचालन, घुड़सवारी और डिजिटल पुलिसिंग जैसे क्षेत्रों में भी प्रशिक्षण प्रदान किया गया। संचार शाखा के कांस्टेबलों ने 20 सप्ताह के प्रशिक्षण के दौरान आधुनिक डिजिटल संचार उपकरणों और साइबर सुरक्षा का प्रशिक्षण प्राप्त किया।

उन्होंने कहा कि लाचित बरफुकन पुलिस अकादमी को आधुनिक सुविधाओं से सुसज्जित करने के राज्य सरकार के प्रयासों के अच्छे परिणाम मिले हैं। देश के कई राज्यों ने अपने पुलिस बलों के प्रशिक्षण के लिए इस अकादमी से संपर्क किया है। राज्य सरकार का प्रयास है कि इसे राष्ट्रीय स्तर के एक उत्कृष्ट पुलिस प्रशिक्षण संस्थान के रूप में विकसित किया जाए।

मुख्यमंत्री ने पुलिस महानिदेशक को अकादमी को और अधिक सुसज्जित करने का सुझाव दिया, ताकि यहां कमांडो प्रशिक्षण के साथ भारतीय सैन्य सेवाओं के ‘अग्निवीर’ के स्तर का प्रशिक्षण भी दिया जा सके। उन्होंने कहा कि आने वाले समय में अकादमी को भारतीय सेना के प्रशिक्षण संस्थानों के समान एक उत्कृष्ट संस्थान के रूप में विकसित किया जाएगा।

मुख्यमंत्री ने कहा कि पिछले पांच वर्षों में असम पुलिस में करीब 21 हजार अधिकारियों और जवानों की पारदर्शी तरीके से नियुक्ति की गई है। इससे पुलिस बल अधिक युवा और सक्षम हुआ है। उन्होंने कहा कि राज्य सरकार अगले पांच वर्षों में दो लाख युवाओं को सरकारी क्षेत्र में रोजगार देने के लक्ष्य पर काम कर रही है और इसके तहत असम पुलिस में भी 15 से 20 हजार युवाओं की भर्ती की जाएगी।

कानून व्यवस्था और अपराध नियंत्रण में असम पुलिस की उपलब्धियों का उल्लेख करते हुए मुख्यमंत्री ने कहा कि प्रति एक लाख आबादी पर अपराध दर 2021 में 379 थी, जो जुलाई 2026 में घटकर 116 रह गई है। इसी अवधि में पंजीकृत मामलों की संख्या 1,33,239 से घटकर 25,014 हो गई है। आरोप पत्र दाखिल करने की दर भी बढ़कर करीब 86 प्रतिशत हो गई है। उन्होंने कहा कि पिछले पांच वर्षों में पुलिस ने 3,253 करोड़ रुपये से अधिक मूल्य के नशीले पदार्थ जब्त किए हैं।

मुख्यमंत्री ने कहा कि बदलते समय में पुलिस को कृत्रिम बुद्धिमत्ता, साइबर अपराध और फोरेंसिक विज्ञान जैसी आधुनिक तकनीकों में अपनी क्षमता और ज्ञान को लगातार बढ़ाना होगा। असम पुलिस ने इस दिशा में कई संस्थानों के साथ सहयोग स्थापित किया है और अधिकारियों तथा जवानों को आधुनिक तकनीकों का प्रशिक्षण दिया जा रहा है।

महिलाओं और बच्चों की सुरक्षा को सर्वोच्च प्राथमिकता देने का आह्वान करते हुए मुख्यमंत्री ने कहा कि महिलाओं की सुरक्षा के क्षेत्र में असम को देश का अग्रणी राज्य बनाना होगा। बाल विवाह, बहुविवाह तथा महिलाओं और बच्चों के विरुद्ध अपराधों के खिलाफ पुलिस को शून्य सहनशीलता की नीति के साथ लगातार कार्रवाई करनी होगी। उन्होंने कहा कि अगले पांच वर्षों में महिलाओं और बच्चों के विरुद्ध अपराधों को प्रभावी ढंग से रोककर असम को सामाजिक न्याय और सुरक्षित समाज के क्षेत्र में एक अग्रणी राज्य बनाना होगा।

मुख्यमंत्री ने कहा कि असम की अंतरराष्ट्रीय सीमाओं के कारण राज्य को कानून व्यवस्था एवं आंतरिक सुरक्षा से जुड़ी चुनौतियों का लगातार सामना करना पड़ता है। ऐसे में असम पुलिस को अपराध नियंत्रण के साथ आर्थिक अपराध, आतंकवाद और साइबर अपराध से निपटते हुए नागरिकों के जीवन और संपत्ति की सुरक्षा सुनिश्चित करनी होगी।

समारोह में पंचायत एवं ग्रामीण विकास मंत्री अतुल बोरा, महिला एवं बाल विकास मंत्री अजंता नेओग, सांसद कामाख्या प्रसाद तासा, विधायक विश्वजीत फूकन और मृदुल दत्ता, पुलिस महानिदेशक हरमीत सिंह तथा गृह विभाग के अपर मुख्य सचिव अजय शंकर तिवारी सहित कई वरिष्ठ अधिकारी उपस्थित थे।

चि.श./नि.कु.दा./बी.ग./2 सितंबर 2026

30/08/2026

M.Y.M Walkathon 2.0

डेकागांव धाम पदयात्रा
30/08/2026

डेकागांव धाम पदयात्रा

হৰি নামৰ অমিয়া ৰসে মুখৰিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ #মাহজোৰা ভদীয়া নামত ভক্তিৰ অমল সোঁত—ভক্তপ্ৰাণ ৰাইজৰ বি...
30/08/2026

হৰি নামৰ অমিয়া ৰসে মুখৰিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ

#মাহজোৰা ভদীয়া নামত ভক্তিৰ অমল সোঁত—ভক্তপ্ৰাণ ৰাইজৰ বিপুল সমাবেশ, সেৱা-শুশ্ৰূষাৰ বুজ ল’লে বিধায়ক বিশ্বজিৎ ফুকনে
________________________

গোলাঘাট, ২৯ আগষ্টঃ
“হৰি নাম”ৰ অমিয়া ৰসেৰে পুৱতি নিশাৰে পৰা মুখৰিত হৈ আছে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। পুৱতি নিশা ৪ বজাৰ পৰাই ডবা-শঙ্খ, কাঁহ, বৰটাল আৰু নাম-কীৰ্তনৰ পৱিত্ৰ ধ্বনিয়ে আকাশ-বতাহ কঁপাই তুলিছে। যেন ভক্তিৰ নিনাদে স্পৰ্শ কৰিছে প্ৰকৃতিৰ প্ৰতিটো কণিকা; যেন নামঘৰৰ চৌহদত বৈছে আধ্যাত্মিকতাৰ এক নিৰ্মল নিজৰা ।উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পৱিত্ৰ ধৰ্মীয় পীঠস্থান হিচাপে পৰিচিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত বিশেষ তাৎপৰ্য বহন কৰে পৱিত্ৰ ভাদ মাহ। ভাদ মাহ মানেই যেন আঠখেলীয়াৰ বুকুত ভক্তিৰ জোৱাৰ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগণন ভক্তপ্ৰাণ লোকৰ পদধূলিৰে পৱিত্ৰ হৈ পৰিছে এই ঐতিহ্যময় ধৰ্মীয় পীঠস্থান।
যোৱা ১ ভাদৰ পৰা আৰম্ভ হোৱা ভদীয়া নাম-প্ৰসঙ্গ উপলক্ষে প্ৰতিদিনে পুৱতি নিশা ৪ বজাৰ পৰা সন্ধিয়ালৈকে অবিৰতভাৱে অনুষ্ঠিত হৈ আহিছে নাম-প্ৰসঙ্গ। হৰি নামৰ অমৃতধাৰাত বিলীন হৈ ভক্তপ্ৰাণ ৰাইজে লাভ কৰিছে এক অপাৰ আত্মিক প্ৰশান্তি। নাম-কীৰ্তনৰ মধুৰ ধ্বনি, ভক্তিৰসত আপ্লুত শ্ৰদ্ধালুজনৰ সমাগম আৰু সেৱাৰ মনোভাৱে সমগ্ৰ আঠখেলীয়া অঞ্চলটোকে যেন এক বিশাল আধ্যাত্মিক তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে।ভক্তৰ এই বিপুল সমাগমক কেন্দ্ৰ কৰি শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিয়েও গ্ৰহণ কৰিছে বিশেষ তৎপৰতা। দূৰ-দূৰণিৰ পৰা অহা ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে পানী, বিশ্ৰাম, শৃংখলা, যাতায়াত তথা অন্যান্য প্ৰয়োজনীয় সেৱাৰ ক্ষেত্ৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেৱল পৰিচালনা সমিতিয়েই নহয়, বিভিন্ন জাতীয় সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সেৱাপ্ৰেমী লোকেও ভক্তপ্ৰাণ ৰাইজৰ সেৱাত নিজকে উচৰ্গা কৰিছে। অনুসূচীত জাতি ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, অসম আদি সংগঠনে বিনামূলীয়া খোৱাপানী, চৰবত আদি যোগান ধৰি ভক্তসকলৰ প্ৰতি আগবঢ়াইছে সেৱাৰ হাত। ধৰ্মীয় অনুষ্ঠানৰ মাজত মানুহৰ প্ৰতি মানুহৰ এই সহমৰ্মিতা আৰু সেৱাৰ মানসিকতাই যেন অসমীয়া সমাজৰ চিৰন্তন মানৱীয় সংস্কৃতিৰেই এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে।
ইফালে, আজি শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত সেৱা আগবঢ়াই ভক্তপ্ৰাণ ৰাইজৰ সেৱা-শুশ্ৰূষাৰ বুজ লয় সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।বিধায়কগৰাকীয়ে শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক অসীম বৰাসহ পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়।আলোচনাত ভাদ মাহত অসমৰ বিভিন্ন প্ৰান্ত তথা উত্তৰ-পূৰ্বাঞ্চলৰ দূৰ-দূৰণিৰ পৰা আঠখেলীয়া নামঘৰলৈ সমবেত হোৱা অগণন ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে পৰিচালনা সমিতিয়ে বিধায়কগৰাকীক অৱগত কৰে। ভক্তসকলৰ সুৰক্ষা, সুবিধা আৰু সেৱা-শুশ্ৰূষাৰ ক্ষেত্ৰত কোনো ধৰণৰ যাতে ত্ৰুটি নাথাকে, তাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।
বিধায়ক বিশ্বজিৎ ফুকনে আঠখেলীয়া নামঘৰৰ দৰে ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থানৰ পৱিত্ৰতা, পৰম্পৰা আৰু ভক্তপ্ৰাণ ৰাইজৰ সেৱাৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য ড° অলক গোহাঁই, জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞা, বিজেপি কৃষক মৰ্চা, গোলাঘাট জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম ৰাজপুত, মনোজ বৰুৱা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।ভক্তিৰ এই মহামিলনত আঠখেলীয়া নামঘৰ আজি যেন কেৱল এটা ধৰ্মীয় স্থান হৈ থকা নাই—ই হৈ পৰিছে মানুহৰ সৈতে মানুহৰ আত্মিক সংযোগৰ এক পৱিত্ৰ সেঁতু। হৰি নামৰ ধ্বনিৰ মাজেৰে প্ৰতিধ্বনিত হৈছে একেই বাণী—ভক্তি, সেৱা আৰু মানৱতাইহে সমাজৰ প্ৰকৃত শক্তি।

*টিআইচিএৰ অধীনত কমাৰবন্ধা আলীত জিৰ' ড'জ মুক্ত পঞ্চায়তৰ পাইলট প্ৰকল্প**পঞ্চায়ত আৰু স্বাস্থ্য বিভাগৰ বাবে প্ৰশিক্ষণ অনুষ...
29/08/2026

*টিআইচিএৰ অধীনত কমাৰবন্ধা আলীত জিৰ' ড'জ মুক্ত পঞ্চায়তৰ পাইলট প্ৰকল্প*

*পঞ্চায়ত আৰু স্বাস্থ্য বিভাগৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত*

গোলাঘাট, ২৮ আগষ্ট ২০২৬:

আজি ২৮ আগষ্ট ২০২৬ তাৰিখে গোলাঘাটৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কমাৰবন্ধা আলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰত্যেক গাঁও পঞ্চায়তৰ সদস্য তথা স্বাস্থ্যকৰ্মী
সকলৰ বাবে জিৰ' ড'জ ফ্ৰি পঞ্চায়ত (Zero Dose Free Panchayat) গঢ়াৰ উদ্দেশ্যেৰে এক আলোচনা তথা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অসমৰ চাৰি খন জিলা ক্ৰমে বাক্সা, মৰিগাওঁ, নলবাৰী আৰু গোলাঘাটক পাইলট প্ৰজেক্ট হিচাপে বাছনি কৰাৰ ভিতৰত গোলাঘাট জিলাৰ কমাৰবন্ধা আলী স্বাস্থ্য খণ্ডৰ প্ৰত্যেক পঞ্চায়তক এই পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীনত টীআইচিএ/TICA ( Targeting Zero Dose Immunization Challenges of Assam) নামৰ এই প্ৰকল্পৰ সদস্য সকলে আজিৰ এই প্ৰশিক্ষণ প্ৰদান কৰে।

এক বছৰ বয়স পৰ্যন্ত শিশুৰ পেণ্টাভেলেণ্ট প্ৰতিষেধকৰ প্ৰথম পালি যদি কোনো কাৰণত বাদ পৰে তেনেহলে সেই শিশুক জিৰ' ড'জাৰ বুলি কোৱা হয়।পেন্টাভেলেণ্ট প্ৰতিষেধক প্ৰদান সুনিশ্চিত কৰি বাদ পৰি যোৱা সকলো শিশুক চিনাক্ত কৰি সম্পূৰ্ণ টিকাকৰণ সফল কৰাৰ দিশত সজাগতা, স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱধান, প্ৰতিৰোধ, সামাজিক ব্যাধি, সন্দেহ বা ভ্ৰান্তি আদিৰ বাবে যাতে শিশুৰ টিকাকৰণ ওপৰত কোনো প্ৰভাৱ নপৰে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

আজি অনুষ্ঠিত সজাগতা ও প্ৰশিক্ষণৰ কাৰ্যসূচিত অংশগ্ৰহণকাৰীসকলক পেন্টাভেলেণ্টৰ পালি নোপোৱা শিশুৰ চিনাক্তকৰণৰ গুৰুত্বৰ বিষয়ে সমাজৰ প্ৰত্যেক জন লোক যাতে সংবেদনশীল আৰু সজাগ হৈ স্বাস্থ্য ব্যৱস্থা আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয় উন্নত কৰি প্ৰতিষেধক সেৱাৰ সৈতে শিশুসকলৰ সময়মতে সংযোগ নিশ্চিত কৰাৰ বিষয়ে আলোচনা কৰা হয়। টিআইচিএৰ দলৰ সদস্যসকলে পঞ্চায়ত পৰ্যায়ত নিয়মীয়াকৈ নিৰীক্ষণ আৰু অনুসৰণৰ লগতে বাদ পৰি যোৱা শিশুৰ তালিকা প্ৰস্তুত কৰি স্বাস্থ্য বিভাগক প্ৰদান কৰাৰ লগতে তেনে শিশুক সংযোগ কৰা দায়িত্বৰ বিষয়ে অৱগত কৰা হয়।

আজিৰ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত, শ্ৰী জিণ্টু বৰা, টিআইচিএৰ প্ৰকল্প পৰিচালক, ডাঃ জয়দীপ দাস, জিলা প্ৰতিষেধক বিষয়া, ডা: কবিতা উজীৰ, মহকুমা স্বাস্থ্য বিষয়া, ডা: ৰঞ্জন কাকতি, টিআইচিএ দলৰ সদস্য, খণ্ড চিকিৎসা বিষয়া সকল, পঞ্চায়ত সম্পাদক, ৱাৰ্ডৰ সদস্য, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ ডিপিএমইউ আৰু বিপিএমইউ' ৰ বিষয়া সকল, সামূহিক স্বাস্থ্য বিষয়া, এএনএম আৰু অন্যান্য মূল সদস্যসকল উপস্থিত থাকে।

28/08/2026

Address

Golaghat
785621

Alerts

Be the first to know and let us send you an email when Golaghat Aab tak posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share