Shankar Dutta

Shankar Dutta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Shankar Dutta, Social Media Agency, Guwahati, Guwahati.

পেছাগতভাৱে এগৰাকী সাংবাদিক। ৰাজনৈতিক আদৰ্শত নিৰপেক্ষ। ধৰ্মীয় চেতনা মানৱতা নিৰ্ভৰ।
মই শৰীৰত আঙঠি, ঘড়ী, তাবিজ মাদলি পিন্ধি বেয়া পাওঁ। মোৰ মনটোকো একো তাবিজ আঙঠিয়ে বান্ধি ৰাখিব নোৱাৰে। চিন্তা বিবেক চলন ফুৰণৰ স্বাধীনতা মোৰ জন্মগত অধিকাৰ।

স্মৃতিৰ অলেখ সমাধিৰ কাষত বহিএতিয়াও সাৰে আছে তেওঁতেওঁ ভাগৰা নাই , তেওঁৰ জীৱন হেৰোৱা নাইতেওঁ আছে, সেয়ে অসমৰ কোণে কোণে ইমান...
18/11/2025

স্মৃতিৰ অলেখ সমাধিৰ কাষত বহি
এতিয়াও সাৰে আছে তেওঁ
তেওঁ ভাগৰা নাই , তেওঁৰ জীৱন হেৰোৱা নাই
তেওঁ আছে, সেয়ে অসমৰ কোণে কোণে ইমান আয়োজন।

চকুলো সামৰি অসমে পাতিছে জুবিন জয়ন্ত।
বুকুৰ হেৰোৱা মাণিক বিচাৰি এফালে হাহাকাৰ।
আনফালে সুৰৰ মাজত জুবিনক বিচাৰি মুখৰ আকাশ বতাহ।
জুবিনবিহীন অসমত এতিয়া জুবিনময় অসম।
জুবিন নোহোৱাকৈ কেনেকৈ ৬০ দিন পাৰ হল ভাবিবই পৰা নাই বহুজনে, কাৰণ যদিও জুবিনৰ গানত অসমত পুৱা হৈছে, জুবিনৰ গানত নিশাৰ আন্ধাৰ নামিছে। আনকি জুবিনৰ গান বুকুত লৈয়েই উজাগৰে কটাইছে বহুজনে। বিগত ৬০ দিন সকলো বিতৰ্ক, ৰাজনৈতিক বাগধাৰা, নিৰ্বাচনী খদমদম এৰি গোটেই অসমীয়াই কেৱল জুবিনৰ স্মৃতিচাৰণ কৰিছে। জুবিনে দেখুৱাই যোৱা বাটেৰে চিনেমা, সংস্কৃতি আৰু বৌদ্ধিক চৰ্চা চলাইছে গুণমুগ্ধই। জুবিনৰ বাবেই গান কবিতা নিবন্ধৰে উপচাই দিছে লেখক সমাজে, জুবিনৰ বাবে ৰচনা হৈছে ইটোৰ পিছত সিটো গান। জুবিনে ভাল পাব বুলিয়েই অসমীয়াই ৰুইছে গছ, জুবিনৰ বাবেই সংঘবদ্ধ হৈছে জাতি ধৰ্ম নিৰ্বিশেষ সমাজ। জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে উছাহেৰে চাবলৈ গৈ প্ৰতিদিনে হল হাউছফুল কৰি তুলিছে আবেগিক অসমীয়া জনতাই। কোনো মুহুৰ্ততে যেন অসমীয়াই ভাবিব খোজা নাই, অথবা ভবাই নাই, প্ৰাণৰ আপোন,হিয়াৰ আমঠু জুবিন আৰু নাই। জুবিন থাকক বা নাথাকক , শৰত হেমন্তৰ দোমোজাকাল ৰঙীন কৰিবই জুবিন অনুৰাগী অসমীয়াই। জুবিন থাকক বা নাথাকক প্ৰতি শৰতৰ প্ৰভাতী ফুলে এওঁলোকক কব তেওঁৰ কথা। ফেচবুক ইনষ্টাগ্ৰামত জুবিনৰ পুৰণি ৰীল চাই চাই আপোনপাহৰা হৈ আছে জুবিন বলীয়া অসমীয়া। পদকাষ্টত জুবিনৰ ঘনিষ্ঠ বন্ধুৰ ৰোমন্থন শুনি শুনি জুবিনক নতুনকৈ আৱিস্কাৰ কৰিছে জুবিন অনুৰাগী অসমীয়াই।
জুবিন নাই, সেয়া বিশ্বাসৰ অতীত। জুবিন আছে, সেই ভ্ৰমতে জী ৰ’ব খোজে আপোন মানুহবোৰ। আৰু যি সকলে ভ্ৰমৰ বাহিৰ হৈ জুবিন নথকাৰ হাহাকাৰ হৃদয়ত কঢ়িয়াই ফুৰিছে, সেইসকলে এতিয়াও তুলি আছে ন্যায়ৰ দাবী।

আকৌ পাম, আমাৰ বিশ্বাস।
17/11/2025

আকৌ পাম, আমাৰ বিশ্বাস।

Rearrange 1 stick to fix the equation.
18/08/2025

Rearrange 1 stick to fix the equation.

অলপতে যোৰহাটৰ বাঘমৰা ইক ৰিজৰ্টলৈ গৈছিলো। ৰিজৰ্টখনৰ কথা বিশেষ নকওঁ, ঠাইখিনি বৰ সুন্দৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ হেঙুলীয়া আবেলিট...
01/08/2025

অলপতে যোৰহাটৰ বাঘমৰা ইক ৰিজৰ্টলৈ গৈছিলো। ৰিজৰ্টখনৰ কথা বিশেষ নকওঁ, ঠাইখিনি বৰ সুন্দৰ। ব্ৰহ্মপুত্ৰৰ পাৰৰ হেঙুলীয়া আবেলিটোৱে মন চুলে। যিকোনো লোকৰে মন সজীৱ কৰি তুলিব পৰিৱেশটোৱে।

14/04/2025

বিহুৰ বতৰ, উকা চহৰ, সেমেকা সেমেকা মন।
গীতটো শুনি কেনে পালে পাৰিলে জনাবচোন।
সকলোলৈ ৰঙালীৰ শুভেচ্ছা যাচিলো।

কুম্ভলৈ অহা এই ধুনীয়া ছোৱালীজনী চকযুৰিৰ বাবেই ভাইৰেল হৈ আছে।
18/01/2025

কুম্ভলৈ অহা এই ধুনীয়া ছোৱালীজনী চকযুৰিৰ বাবেই ভাইৰেল হৈ আছে।

সকলোলৈকে শুভকামনা
01/01/2025

সকলোলৈকে শুভকামনা

নিজ সন্তানৰ প্ৰাপ্তিৰ বাবে কোনে কি কৰিব নোৱাৰে? তাৰ উদাহৰণ নিতীশ কুমাৰ(NKR)ৰ পিতৃ মূত্যালা ৰেড্ডী। পুত্ৰৰ ক্ৰিকেট কেৰিয়া...
28/12/2024

নিজ সন্তানৰ প্ৰাপ্তিৰ বাবে কোনে কি কৰিব নোৱাৰে? তাৰ উদাহৰণ নিতীশ কুমাৰ(NKR)ৰ পিতৃ মূত্যালা ৰেড্ডী। পুত্ৰৰ ক্ৰিকেট কেৰিয়াৰ ভাল হওক বুলিয়েই এদিন চৰকাৰী চাকৰি ত্যাগ কৰিছিল পিতৃয়ে। নীতিশ ১১ বছৰ বয়সত পিতৃক ঘৰখনৰ পৰা বহু দূৰলৈ চাকৰিৰ বদলি হৈছিল। কিন্তু পিতৃয়ে পুত্ৰক কাষৰ পৰা এৰি যাব বিচৰা নাছিল। সন্তানৰ ভৱিষ্যৰ বাবেই খোদ চৰকাৰী চাকৰি ত্যাগ কৰাৰ নিচিনা সিদ্ধান্ত হাতত লৈছিল দেউতাক জনে। পিতৃয়ে গোপনে বুজি উঠিছিল নীতিশৰ শৈশৱ দিগন্ত প্ৰতিভা। এদিন দেশ মাতৃৰ হৈ খেলি উজলি উঠিব বুলি সেই বিশ্বাস দেউতাক জনে সেইদিনাই বুজি উঠিছিল। সেই তেতিয়াই দেখা সপোন আজি বাস্তৱত পৰিণতি ৰূপ দিলে। মাত্ৰ ৫ বছৰ বয়সত পিতৃয়ে এখন প্লাষ্টিকৰ ক্ৰিকেট বেট লৈ অনুশীলন কৰোৱাইছিল পুত্ৰ নীতিশক। ক্ৰিকেটৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ সদায় দেউতাকে নীতিশক লৈ গৈছিল খেল দেখুৱাবলৈ। পিতৃৰ দৃঢ়তাৰে সেই বিশ্বাস মনত বান্ধি ৰাখিছিল, মাজে মাজে বুজ লৈছিল 'ত্যাগৰ মূল্য এদিন পাবই'। পিতৃৰ বিশ্বাসৰ ওপৰত বৰ্তি হৈ থকা সেই ত্যাগ আজি লাভ কৰিলে। অষ্ট্ৰেলিয়াৰ মাটিত নীতিশ তেতিয়া ক্ৰিজত ৯৯ ৰানৰ সময়ত দৰ্শকৰ শাৰীত পিতৃৰ গভীৰ চিন্তা। ভগৱানক পিতৃৰ এটাই প্ৰাৰ্থনা কিবাকৈ শতক অৰ্জন কৰি দেখুৱাই দিয়ক নীতিশে। শেষৰ উইকেটত ভাগ্যৰ বলত নহয়, সি নিজৰ কষ্টৰ বলত এটা বাউণ্ডেৰী কোবাই নীতিশে নিজৰ টেষ্ট কেৰিয়াৰৰ আৰম্ভণি শৃংখলাতেই প্ৰথমটো শতক অৰ্জন কৰি দেখুৱালে। মেলবৰ্ণৰ ক্ৰিকেট ষ্টেডিয়ামত দৰ্শকৰ শাৰীত পুত্ৰৰ সাফল্য দেখি তেতিয়া দুচকুৰে চকুলো নিগৰিছিল সেইগৰাকী পিতৃৰ। সেই অশ্ৰু আছিল তেওঁৰ পুত্ৰৰ কষ্ট, সাফল্য আৰু ত্যাগৰ মূল্য। ভাৰতীয় সমৰ্থকৰ শুভেচ্ছা বৰষুণ,, পিতৃৰ আজি মনলৈ আহিছে সেই ত্যাগৰ দিনবোৰ। বহুতে কয় 'ত্যাগৰ মূল্য এদিন পাবই'। আজি সন্তানৰ কষ্টৰ বলৰ পাৰদৰ্শিতাত পুৰস্কাৰ আৰু বুকু ফুলাবলৈ পালে নীতিশৰ পিতৃ মূত্যালা ৰেড্ডীয়ে।

চেল্যুট নীতিশ-পিতৃ মূত্যালা ৰেড্ডী...

(আশিস মালাকাৰৰ ৱালৰ পৰা)

Mein jhukega nahiত্ৰাণকৰ্তা নীতিশ
28/12/2024

Mein jhukega nahi
ত্ৰাণকৰ্তা নীতিশ

Address

Guwahati
Guwahati
781001

Telephone

9101843165

Website

Alerts

Be the first to know and let us send you an email when Shankar Dutta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share