03/12/2017
আজি মহোহো বা মহ খেদা উৎসৱ ৷ এইবিধ কৃষিভিত্তিক উৎসৱ আঘোণৰ পূৰ্ণিমাত নামনি অসমত আৰু মধ্য অসমৰ কিছু-কিছু অংশত পালন কৰা হয় ৷
মহোহো বা মহ খেদা উৎসৱ ঠাই বিশেষে মহখুন্দা বা গোৱালপাৰা জিলাৰ কিছু অংশত এউৰি মাগা বা ওৰি মাগা বুলিও জনাজাত ।
নামনি অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত মহোহো গীতৰ ভিন্নৰূপৰ এটা আভাষ তলত দিয়া হ'ল :
ক) নলবাৰী অঞ্চলত :
অ’ হৰি মহো হো, মহ খেইদবা যাং য' ।
মহে বোলে মইল্লুদে, টেপল পুৰা খালুদে ।
টেপলত নহল নুন, চাউল লাগে দুন দুন ।
চাউল নেদি দিলাক কড়ি, এনথোৰ ঘৰ লৰি চৰি ।
লৰিচৰি যাংতে, সোণাৰ নাঙাল বাংতে ।
সোণাৰ নাঙাল ৰুপাৰ ফাল, ঘৰছীয়া বেটাই বাওৱে হাল ।
হাল দিলু সীৰালে, মৈ দিলু পাটে ।
মহোৰ মাকোক পাৰ কইল্লু, বুঢ়া দিয়াৰ ঘাটে ।
খ) মঙলদৈ অঞ্চলত প্ৰচলিত :
শাৰী হৌ শাৰী হৌ, কণা-কুঁজা এফাল হৌ।
কণা-কুঁজা ধোঁৱা খোৱা, ওজা মাতো বৰেৰ পুৱা ৷৷
গ) গোৱালপাৰা অঞ্চলত প্ৰচলিত :
লাউৰ মাত ঝিলাও লাওঁ, সক্খায়া নিন্ পালাওঁ৷
নিন্খিনি হাচাৰে, চকুটিপা নাচাৰে৷৷
ঘ) কামৰূপ অঞ্চলত প্ৰচলিত :
এহতোৰ ঘৰোত তুহুৰ ধোঁৱা,চলি কান্দে ওহা ওহা।
এহতোৰ ঘৰোত সোল্কা কাচি, বুঢ়ী হাগে এশ পাচি।
এহতোৰ ঘৰত ঢেক্নৰ বেৰা, কইনে আনছি পাউদৰ মাৰা।
বি দ্ৰ :- পোষ্টটি ফেচবুকৰ দুজন ব্যক্তিৰ পৰা কপি কৰা হৈছে ৷
জয় থলগিৰি
জয় আই অসম
ধন্যবাদ ৷