08/09/2026
📢 আছা কেন্দ্ৰীয় সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা
📍 স্থানঃ পৌৰসভা সন্মিলন কক্ষ,বিশ্বনাথ চাৰিআলি
তাৰিখঃ ৮ ছেপ্টেম্বৰ, ২০২৬
আজি বিশ্বনাথ চাৰিআলিৰ পৌৰসভা সন্মিলন কক্ষত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) কেন্দ্ৰীয় সমিতিৰ জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
উক্ত সভাত আছা কেন্দ্ৰীয় সমিতিৰ সভাপতি গডউইন হেমৰম, উপ-সভাপতি ৰোস্তম কুজুৰ,সম্পাদক অমৰজ্যোতি চুৰিন দাদা, উপদেষ্টা লুইচ চোৰেনৰ লগতে কেন্দ্ৰীয় সমিতি আৰু বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া তথা প্ৰতিনিধিসকল উপস্থিত থাকে।
সভাত সংগঠনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিশেষকৈ আছা কেন্দ্ৰীয় সমিতিৰ আগন্তুক অধিৱেশন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰি প্ৰয়োজনীয় পৰিকল্পনা,সাংগঠনিক প্ৰস্তুতি আৰু আগন্তুক কাৰ্যসূচীৰ ওপৰত মত-বিনিময় কৰা হয়।
ইয়াৰ উপৰি সংগঠনৰ সাংগঠনিক শক্তি বৃদ্ধি,বিভিন্ন জিলা সমিতিৰ কাৰ্যকলাপ,আগন্তুক দিনৰ কাৰ্যসূচী,আদিবাসী ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা আৰু আদিবাসী সমাজৰ বিভিন্ন সমস্যা-সম্ভাৱনাৰ ওপৰতো গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
সভাত উপস্থিত কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলে সংগঠনটোক অধিক শক্তিশালী,সুসংগঠিত আৰু ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত নিজৰ নিজৰ মূল্যৱান মতামত আগবঢ়ায়।
✊ ঐক্যই শক্তি — সংগঠনেই আমাৰ পৰিচয়।
আদিবাসী ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু স্বাৰ্থৰ হকে আছা সদায়ে ঐক্যবদ্ধ।
📸 সভাৰ কিছু দৃশ্য আগবঢ়ালো।