Krantikaal Prakashan

Krantikaal Prakashan Proudly stands for last 20 years in service, successfully rendering various projects and works relat

02/01/2024
16/11/2023

অজন্তা প্ৰেছৰ সোণালী জয়ন্তী আৰু ক্ৰান্তিকাল প্ৰকাশনৰ ৰূপালী জয়ন্তী উপলক্ষে অব্যাহত আছে সাহিত্যৰথী বেজবৰুৱাদেৱৰ "কামত কৃতিত্ব লভিবৰ সংকেত"ৰ বিনামূলীয়া বিতৰণ।

22/10/2023

অজন্তা প্ৰেছৰ স্বৰ্ণ জয়ন্তী আৰু ক্ৰান্তিকাল প্ৰকাশনৰ ৰূপালী জয়ন্তী উপলক্ষে শিশুসকলৰ মাজত ৫০০০০ কপি বিনামূলীয়া বিতৰণৰ বাবে ক্ৰান্তিকাল প্ৰকাশনে পুনৰ্মুদ্ৰণ কৰি উলিওৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ "কামত কৃতিত্ব লভিবৰ সংকেত" গ্ৰন্থখন নগাঁৱৰ বিশিষ্ট সাংবাদিকসকলে উন্মোচন কৰে ক্ৰান্তিকালৰ নৱনিৰ্মিত শাখাটিত (নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত)। উল্লেখযোগ্যযে ১১ জুন তাৰিখে দুয়োটা প্ৰতিষ্ঠানৰ জয়ন্তী বৰ্ষ হিচাপে ৫খন গ্ৰন্থ উন্মোচনেৰে প্ৰথম কাৰ্যসূচী ৰূপায়ণ হয়।

31/08/2023

আজি স্বৰ্ণ জয়ন্তী বৰ্ষ অতিক্ৰম কৰা অজন্তা প্ৰেছ আৰু ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা ক্ৰান্তিকাল প্ৰকাশনৰ এটা নতুন শাখা নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত মুকলি কৰা হয়। অনুষ্টুপীয়াকৈ আয়োজন কৰা অনুষ্ঠানটি সীমিত সংখ্যক ব্যক্তিৰ উপস্থিতিত সম্পন্ন কৰা হয়। বিশিষ্ট সমাজ কৰ্মী লাচিত বৰদলৈ, বিশিষ্ট কবি জীৱন নৰহ, বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী, পত্ৰ লেখক দেৱেন শইকীয়া, কবি-শিল্পী নীলাভ সৌৰভ, শিক্ষয়িত্ৰী প্ৰীতিমনি শৰ্মা, বেলি ৰাজখোৱা, ৰূদ্ৰাক্ষ ৰাজখোৱাৰ উপস্থিতিত নতুন শাখাটি মুকলি কৰা হয়।

31/03/2023

কবি জীৱন নৰহলৈ যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা-২০২৩। আজি কলিকতাৰ শিশিৰ মঞ্চ সভাগৃহত এই বঁটা গ্ৰহণ কৰি বঁটা প্ৰাপক জীৱন নৰহে ৰাষ্ট্ৰীয়- আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সদস্যসকলেৰে গঠিত বিচাৰকমণ্ডলী আৰু সুধীসমাজক উদ্দেশ্যি নিজ বক্তব্যত কয়- "বিবেকবান কবিসকলৰ হাততেই কবিতা নিৰাপদ"।
বহুত বহুত অভিনন্দন কবি জীৱন নৰহলৈ।

নগাঁৱত মনোজ কুমাৰ দেওৰজাৰ এজাক বকুলফুলীয়া জোনাক উন্মোচন------------------------------------অসমৰ অগ্ৰণী প্ৰকাশন ক্ৰান্তিক...
04/09/2022

নগাঁৱত মনোজ কুমাৰ দেওৰজাৰ এজাক বকুলফুলীয়া জোনাক উন্মোচন
------------------------------------

অসমৰ অগ্ৰণী প্ৰকাশন ক্ৰান্তিকাল প্ৰকাশনৰ উদ্যোগত আৰু সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বনচাইৰ সহযোগত নগাঁও চহৰস্থিত নিউ আমোলাপট্টিৰ নেহৰু যুৱকেন্দ্ৰৰ সভাকক্ষত আজি উন্মোচন হয় বিশিষ্ট কবি মনোজ কুমাৰ দেওৰজাৰ তেত্ৰিশ বছৰৰ সাধনাৰে এজাক বকুলফুলীয়া জোনাক। বিশিষ্ট কবি প্ৰেম নাৰায়ণ নাথে উন্মোচন কৰা উক্ত সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি তথা বিশিষ্ট কবি প্ৰদীপ শইকীয়া, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰা, বিশিষ্ট কবি প্ৰয়াগ শইকীয়া আৰু সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বনচাইৰ সভাপতি দুৰ্গেশ্বৰ বৰকটকী। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দিজেন্দ্ৰনাথ হাজৰিকা, প্ৰাক্তন সম্পাদক পৱন শৰ্মা, সম্পাদক ৰাজু সমীৰণ, ৰঙাজিঁয়া সদৰ শাখাৰ সভাপতি অশোকৰাম ভট্টাচাৰ্য, মৰিগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি ভৱেন চন্দ্ৰ নাথ, বিশিষ্ট পত্ৰ-সাহিত্যিক দেৱেন শইকীয়া, বিশিষ্ট কবি নীলাভ সৌৰভ, মৰিগঞা কবি জিতুমণি বৰদলৈ, পাৰ্থপ্ৰতিম বৰা, দুলুমণি শইকীয়া, পুণ্যলতা গোহাঁই, হেলেন পণ্ডিত, আৰতি মেধি, নৱ কাশ্যপ, অজন্তা বৰা, ৰাজু দত্ত, পংকজ শইকীয়া, দৈনন্দিন বাৰ্তাৰ সাহিত্য বিভাগৰ সম্পাদক নৱ কাশ্যপ, পৰাণ দেওৰজা, কবিগৰাকীৰ পত্নী, অনামিকা দেওৰজাই মনোজ কুমাৰ দেওৰজাৰ এজাক বকুলফুলীয়া জোনাকৰ পাতৰ পৰা কবিতা পাঠ কৰি অনুষ্ঠানটিৰ গাম্ভীৰ্য বৃদ্ধি কৰে। উল্লেখ্য যে ক্ৰান্তিকাল প্ৰকাশনৰ সমন্বয়ক মদাৰজ্যোতি আৰু বনচাইৰ সম্পাদক ৰূপম নাথে আঁত ধৰা অনুষ্ঠানটিত বিশেষ সহযোগিতা আগবঢ়াই সংবাদসেৱী দীপেন শইকীয়াই।

28/08/2022

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ নগাঁও জিলা শাখাৰ সম্পাদক তোষেশ্বৰ বৰা বাপ, সভাপতি জ্যোতিপ্ৰসাদ ভূঞা বাপ, নলিনী বৰা বাপকে প্ৰমুখ্য কৰি নগাঁও জিলা শাখাৰ সমূহ ভক্তবৃন্দৰ ওচৰত মই ঋণী হৈ ৰ'লোঁ পূৰ্বৰ দৰেই এইবাৰো ৮৪ জন উচ্চ আৰু উচ্চতৰ মাধ্যমিকত ভাল ফলাফল প্ৰদৰ্শন কৰা কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত অসমীয়া গ্ৰন্থৰ টোপোলাৰে সেৱা ধৰিবলৈ সুযোগ দিয়াৰ বাবে।

ক্ৰান্তিকাল প্ৰকাশনৰ শেহতীয়া এখন মূল্যবান গ্ৰন্থ "Jyotiprasad, Joymoti, Indramalati and Beyond :  History of Assamese Ci...
01/08/2022

ক্ৰান্তিকাল প্ৰকাশনৰ শেহতীয়া এখন মূল্যবান গ্ৰন্থ "Jyotiprasad, Joymoti, Indramalati and Beyond : History of Assamese Cinema" গ্ৰন্থখনি তেজপুৰ বিশ্ববিদ্যালয় (কেন্দ্ৰীয় বিশ্ববিদ্যালয়) ত Phd Curriculam, Department of Assamese ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। ইটালীৰ প্ৰসিদ্ধ ফিল্ম সমালোচক Massimo ৰ foreword ত গ্ৰন্থখনিৰ গুৰুত্ব প্ৰতিপন্ন হৈছে। গ্ৰন্থখনিয়ে জ্যোতি ককাইদেউ, অসমীয়া চিনেমা আৰু ভাৰতীয় চিনেমাৰ বহু কথা উন্মোচন কৰিছে।
গ্ৰন্থখনিৰ মূল্য- ৩৫০.০০ টকা। অসম তথা ভাৰতৰ যিকোনো ঠাইতে গ্ৰন্থখন ডাকযোগে পাব পাৰে। ডাক মাচুল ক্ৰান্তিকালৰ।
গুৱাহাটীৰ নিভা এনক্লেভ, যশোৱন্ত পথ, পাণবজাৰস্থিত ক্ৰান্তিকালৰ নিজা বিপণিত গ্ৰন্থখন পাব।
যোগাযোগ নম্বৰ-৯৪৩৫০৬১৭৪৫
পাণবজাৰৰ ৫ কিলোমিটাৰৰ আশে-পাশে ২ঘণ্টাৰ ভিতৰত অৰ্ডাৰ ডেলিভাৰী দিয়া হ'ব।

19/07/2022

১৭ জুলাই ৰবিবাৰে নগাঁও জিলা পুথিভৰাল প্ৰেক্ষাগৃহত মঞ্চস্থ হ'ল "নাংচেং......a historical ballad. এখন সুন্দৰ উপভোগ্য নাট। সপোনটি বৰদলৈৰ নাট্য ৰচনা (চন্দনা গোস্বামীৰ উপন্যাস "পাটকাইৰ ইপাৰে মোৰ দেশ" ৰ আলমত), সূৰজ কুমাৰ শইকীয়াৰ পৰিচালনা আৰু জ্যোৎস্না দেৱী বৰদলৈৰ সংগীতসজ্জা, অভিনেতা-অভিনেত্ৰীৰসকলৰ বলিষ্ঠ অভিনয় বহু দিনলৈ মনত থাকি যাব

19/05/2022

প্ৰকাশৰ পথত এক অভিনৱ কাব্যগ্ৰন্থ

16/05/2022

Contact 9435061745

Address

Khutikatia, A. T. Road
Nagaon
782002

Opening Hours

Monday 9:30am - 7:30pm
Tuesday 9:30am - 7:30pm
Wednesday 9:30am - 7:30pm
Thursday 9:30am - 7:30pm
Friday 9:30am - 7:30pm
Saturday 9:30am - 6:30pm

Telephone

+917099499844

Alerts

Be the first to know and let us send you an email when Krantikaal Prakashan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Krantikaal Prakashan:

Share