The Transparent Info

The Transparent Info Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Transparent Info, Nagaon.

➤ "Sovereign, Socialist, Secular, Democratic, Republic,"
➤ Uncovering Truth, Promoting Transparency.
➤ We Will Develop Our Society (Toward a Developed Nation)
➤ For Everyone, With Everyone, Let's Build a New Society Together.

27/04/2026

Ashok Khemka : The IAS Officer Who Walked the Straight Path into Retirement

Senior IAS officer Ashok Khemka, a name synonymous with bureaucratic integrity and a record-shattering 57 transfers, retired on April 30, 2025, after a distinguished 33-year career. The 1991-batch Haryana cadre officer superannuated as Additional Chief Secretary in the Transport Department.

Khemka's career was defined by an unwavering commitment to fighting corruption, most famously in 2012 when he cancelled the mutation of a high-profile land deal in Gurugram involving Congress leader Sonia Gandhi’s son-in-law, Robert Vadra, and DLF. This decision catapulted him into the national spotlight but also intensified a pattern of frequent transfers, averaging one every six months, often to what were perceived as "low-profile" departments like archives and archaeology.

Born in Kolkata and holding academic credentials from IIT Kharagpur and TIFR, Khemka voiced his frustrations over being sidelined with poignant reflections. After his 55th transfer, he famously wrote "archived again" on social media, and upon being passed over for a central posting, he commented, "Straight trees are always cut first. No regrets." Despite the professional costs, he remained defiant, once offering to lead the state's vigilance department to wage a "real war against corruption".

As he steps into retirement, Khemka apologized for any friction caused during his service but showed no remorse for his principles, stating he plans to continue his fight for justice as a lawyer. His career leaves behind a complex legacy of a lone officer who refused to bend in a system that often penalizes honesty.

More Information : https://www.hindustantimes.com/india-news/after-57-transfers-over-33-years-senior-ias-officer-khemka-retires-101746039137282.html

https://theprint.in/india/ashok-khemka-whistleblower-indias-most-transferred-ias-officer-retires-after-33-yrs-in-service/2609384/

https://widget.economictimes.indiatimes.com/news/india/upright-ias-officer-ashok-khemka-who-cancelled-the-mutation-of-robert-vadras-gurugram-land-deal-retires/printarticle/120793919.cms

25/04/2026

কান্ধুলীমাৰী পৰমাইভেটী গাঁও পঞ্চায়তত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে বিশেষ সভা

কান্ধুলীমাৰী, ২৫ এপ্ৰিল : যোৱা ২৪ এপ্ৰিলত ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস উপলক্ষে কান্ধুলীমাৰী-পৰমাইভেটী গাঁও পঞ্চায়তত এক বিশেষ গাঁও সভা অনুষ্ঠিত হয়।

সভাত জুৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া (BDO) উপস্থিত থাকে। তেওঁ কান্ধুলীমাৰী পৰমাইভেটী গাঁও পঞ্চায়তৰ বিভিন্ন পেঞ্চন আঁচনিৰ হিতাধিকাৰীৰ বিষয়ে আলোচনা কৰে।

BDO-য়ে কয় যে, এই পঞ্চায়তত বিভিন্ন পেঞ্চন আঁচনিৰ হিতাধিকাৰীৰ তালিকা আৰু জনসজাগতাৰ অভাৱৰ বিষয়ে কিছু অভিযোগ উঠিছে। তেওঁ হিতাধিকাৰীসকলক সঠিক তথ্য লাভ কৰাৰ বাবে আহ্বান জনায় আৰু আঁচনিসমূহৰ সুবিধা যাতে যথাযথভাৱে পোৱা যায় তাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

খবৰ সূত্ৰ : Er Rabbul Alam Sarkar

কান্ধুলীমাৰী-পৰমাইভেটি গাঁও পঞ্চায়তত পেঞ্চন আঁচনিৰ স্বচ্ছতা আৰু হিতাধিকাৰীৰ সমস্যাৰ বিৰুদ্ধে অভিযোগ দাখিলপ্ৰিয় বন্ধু-ব...
24/04/2026

কান্ধুলীমাৰী-পৰমাইভেটি গাঁও পঞ্চায়তত পেঞ্চন আঁচনিৰ স্বচ্ছতা আৰু হিতাধিকাৰীৰ সমস্যাৰ বিৰুদ্ধে অভিযোগ দাখিল

প্ৰিয় বন্ধু-বান্ধৱী আৰু সম্প্ৰদায়ৰ সকলোলৈ,

২০ এপ্ৰিল, ২০২৬ তাৰিখে মই জুৰিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া (BDO) জনলৈ এখন অভিযোগ পত্ৰ দাখিল কৰিছোঁ।

যোৱা প্ৰায় দুই বছৰ ধৰি আমাৰ কান্ধুলীমাৰী-পৰমাইভেটি গাঁও পঞ্চায়তত বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, দিব্যাঙ্গ পেঞ্চন আৰু পৰিয়াল কল্যাণ আঁচনিৰ ৰূপায়ণত যথেষ্ট খেলিমেলি আৰু স্বচ্ছতাৰ অভাৱ দেখা গৈছে। বহুতো যোগ্য বৃদ্ধ, বিধৱা আৰু দৰিদ্ৰ পৰিয়ালৰ লোকে নিজৰ প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ আছে।

অভিযোগ পত্ৰত মই নিম্নলিখিত বিষয়সমূহত জৰুৰী হস্তক্ষেপ বিচাৰিছোঁ:

• হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা ৰাজহুৱা কৰা হওক - কোনে সুবিধা পাইছে আৰু কোনে পোৱা নাই, সেই তথ্য সকলোৰে জানিবলৈ দিয়া হওক।
• যিসকল যোগ্য লোকৰ পেঞ্চন বন্ধ হৈছে বা নতুন আবেদন প্ৰত্যাখ্যান কৰা হৈছে, তাৰ সঠিক কাৰণ আৰু দায়ী বিষয়াৰ নাম-পদবী জানিবলৈ দিয়া হওক।
• KYC আপডেট আৰু বেংক সম্পৰ্কীয় কাম-কাজৰ বিষয়ে গাঁৱৰ বৃদ্ধ লোকসকলক সজাগ কৰা আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱা হওক।
• স্থানীয় ভাষাত ৰাজহুৱা জাননী আৰু জনসজাগতা সভাৰ ব্যৱস্থা কৰা হওক যাতে প্ৰতিজন নাগৰিকে নিজৰ অধিকাৰৰ বিষয়ে জানিব পাৰে।

এই আঁচনিবোৰ আমাৰ গাঁৱৰ দুৰ্বল আৰু অসহায় বৃদ্ধ-বৃদ্ধা তথা দৰিদ্ৰ লোকসকলৰ বাবে অতি জৰুৰী। কিন্তু স্বচ্ছতা আৰু সঠিক ৰূপায়ণৰ অভাৱত বহুতে কষ্ট পাই আছে।

মই আশা কৰোঁ যে খণ্ড উন্নয়ন বিষয়াই এই স্পৰ্শকাতৰ বিষয়টো শীঘ্ৰে গুৰুত্বসহকাৰে চাই সমাধান কৰিব আৰু আমাৰ গাঁৱৰ দুখীয়া লোকসকলক সকাহ দিব।

যদি আপোনালোকৰ গাঁৱতো একেধৰণৰ সমস্যা আছে বা এই বিষয়ত কোনো অভিজ্ঞতা আছে, তেন্তে কমেণ্টত জনাওক। একেলগে থাকিলে এই ধৰণৰ সমস্যাৰ সমাধান সহজ হ’ব।

সকলোৰে সহযোগিতা আৰু সমৰ্থন কামনা কৰিছোঁ।

Er Rabbul Alam Sarkar
কান্ধুলীমাৰী, নগাঁও, অসম - ৭৮২১২৪

#কান্ধুলীমাৰী #নগাঁও #পেঞ্চন_আঁচনি #বৃদ্ধ_পেনচন #বিধৱা_পেনচন #দিব্যাঙ্গ_সাহায্য #গ্ৰামীণ_উন্নয়ন #সামাজিক_ন্যায় #জনসজাগতা

24/04/2026

গুৱাহাটী পৌৰ নিগমৰ কৃত্ৰিম বানপানী লাঘৱৰ কাৰ্য্যক লৈ সচেতন মহলত প্ৰশ্ন :

গুৱাহাটী, ২৪ এপ্ৰিল: কৃত্ৰিম বানপানীত গুৱাহাটীবাসীয়ে বহু নিৰীহ লোকক হেৰুৱাৰ সময়তে গুৱাহাটী পৌৰ নিগমে উচ্চ প্ৰযুক্তিৰ কথা কৈ কৃত্ৰিম বান লাঘৱ কৰাৰ দৃশ্য দেখি সচেতন নাগৰিকসকলে আচাৰ্য্য প্ৰকাশ কৰিছে। বিশেষকৈ বাহিনী নদী খনন কৰি উলিওৱা বোকা-মাটি নদীৰ ভিতৰতে পেলাই থোৱা দেখি তেওঁলোকে প্ৰশ্ন তুলিছে, এনে পদ্ধতিত কেনেকৈ বান ৰোধ কৰিব পাৰি? নে পৌৰ নিগমৰ কাৰিকৰী দক্ষতাৰ অভাৱেই ইয়াৰ মূল কাৰণ?

সম্প্ৰতি গুৱাহাটীত প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানপানীয়ে মহানগৰৰ বিভিন্ন অঞ্চল জলমগ্ন কৰি পেলাইছে। বিগত ১৯ এপ্ৰিলৰ বৰষুণত মালিগাঁও অঞ্চলত এগৰাকী যুৱতীয়ে মৃত্যুক সাৱটি লোৱাৰ দৰে ঘটনাই সকলোকে স্তব্ধ কৰি তুলিছে। এই পটভূমিত পৌৰ নিগমে বাহিনী নদীসহ বিভিন্ন নলা আৰু নদী খননৰ কাম চলাইছে। কিন্তু খননৰ সময়ত উঠা বোকা নদীৰ পাৰত বা ভিতৰতে জমা কৰা দৃশ্যই নাগৰিকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

স্থানীয় বাসিন্দাসকলে কয়, "বোকা খান্দি নদীতেই পেলাই থলে পানী কেনেকৈ বৈ যাব? প্ৰতিবাৰ বৰষুণত সেই বোকা আকৌ নদীত সোমাই বানৰ সমস্যা আৰু বঢ়াই তোলে।" তেওঁলোকে আশংকা প্ৰকাশ কৰিছে যে এনে অসম্পূৰ্ণ আৰু অদক্ষ কামে বান নিয়ন্ত্ৰণৰ পৰিৱৰ্তে সমস্যা আৰু জটিল কৰিহে তুলিব।

বিশেষজ্ঞসকলে মত দিছে যে নদী খননৰ পিছত উলিওৱা বোকা সঠিক ঠাইত নিষ্কাশন নকৰিলে নদীৰ প্ৰবাহ বাধাপ্ৰাপ্ত হয় আৰু বানৰ আশংকা বাঢ়ে। বাহিনী নদীৰ দৰে গুৰুত্বপূৰ্ণ জলপথত মেঘালয়ৰ পৰা অহা পানী আৰু স্থানীয় বৰষুণৰ পানী একেলগ হৈ আহিলে চহৰৰ নলা ব্যৱস্থাটো সম্পূৰ্ণৰূপে বিফল হৈ পৰে।

পৌৰ নিগমে যদিও নলা উন্নয়ন আৰু খননৰ কাম চলাই আছে বুলি কৈছে, কিন্তু বাস্তৱত বোকা নিষ্কাশনৰ সঠিক পৰিকল্পনাৰ অভাৱ দেখা গৈছে। নাগৰিকসকলে দাবী কৰিছে যে কৰ্তৃপক্ষই এই বিষয়ত স্পষ্ট ব্যাখ্যা দিব লাগে আৰু বোকা নিষ্কাশনৰ বাবে স্থায়ী সমাধান বিচাৰি উলিয়াব লাগে।

এই ঘটনাই গুৱাহাটীৰ দীৰ্ঘদিনীয়া বানৰ সমস্যা আৰু নলা ব্যৱস্থাৰ দুৰ্বলতা পুনৰ এবাৰ উন্মোচিত কৰিছে। সচেতন নাগৰিকসকলে আশা কৰিছে যে গুৱাহাটী পৌৰ নিগম আৰু চৰকাৰে এই প্ৰশ্নসমূহৰ উত্তৰ দি যথাযথ পদক্ষেপ গ্ৰহণ কৰিব, যাতে ভৱিষ্যতে এনে কৃত্ৰিম বান আৰু নিৰীহ লোকৰ মৃত্যু ৰোধ কৰিব পৰা যায়।

(বাহিনী নদী খননৰ দৃশ্যৰ সৈতে)

CMO Assam
Kamrup Metropolitan District Administration
Guwahati Municipal Corporation

24/04/2026

Dagaon BPHC .....

২২ এপ্ৰিল, গুৱাহাটী : বিগত বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ শ্লগান, বিপৰীতে দিছপুৰ সমষ্টিৰ অন্তৰ্গত ৰুক্...
22/04/2026

২২ এপ্ৰিল, গুৱাহাটী : বিগত বিধানসভা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ শ্লগান, বিপৰীতে দিছপুৰ সমষ্টিৰ অন্তৰ্গত ৰুক্মিণীগাঁও অঞ্চলৰ বাস্তৱ ছবি..
ৰাইজৰ প্ৰশ্ন, ক'ত হেৰাল বিকশিত দিছপুৰৰ সুৰক্ষা ?
(কৃত্ৰিম বানপানীৰ দুদিন পাছৰ ছবি)

22 अप्रैल, गुवाहाटी: दिसपुर विधानसभा क्षेत्र के पिछले चुनाव में उम्मीदवार के नारे, जबकि दिसपुर क्षेत्र के अंतर्गत रुक्मिणीगांव इलाके की वास्तविक तस्वीर।
विकसित दिसपुर की सुरक्षा कहां खो गई है?

(कृत्रिम बाढ़ के दो दिन बाद की तस्वीर)

21/04/2026

দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন্ম প্ৰমাণপত্ৰৰ বাবে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন

জুৰীয়া, অসম : অসমৰ দগাঁৱৰস্থিত দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন্মৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ বিনিময়ত ধন লোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, হাস্পতালখনত মধ্যস্থতাকাৰীসকলে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ইয়াৰ ফলত ৰোগীৰ চিকৎসাৰ মানদণ্ড বহু পৰিমাণে হ্ৰাস পাইছে।

স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, চৰকাৰী হাস্পতালখনত জন্মৰ প্ৰমাণপত্ৰ পাবলৈ গ'লে মধ্যস্থতাকাৰীৰ জৰিয়তে টকা দিব লগা হয়। এনে পৰিস্থিতিত সাধাৰণ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে বহু অসুবিধাৰ সন্মুখীন হৈছে। হাস্পতালখনৰ দৈনন্দিন কাম-কাজত মধ্যস্থতাকাৰীসকলৰ হস্তক্ষেপে সেৱা প্ৰদানৰ গতি লেহেমীয়া কৰি তুলিছে বুলি অভিযোগ উঠিছে।

এই ঘটনাই অসমৰ চৰকাৰী স্বাস্থ্যসেৱাৰ স্বচ্ছতা আৰু দক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় ৰাইজে কয় যে, চৰকাৰী হাস্পতালৰ দৰে প্ৰতিষ্ঠানত এনে অনিয়মে সাধাৰণ মানুহৰ বিশ্বাস কমাই দিছে। তেওঁলোকে সংশ্লিষ্ট কৰ্তৃপক্ষক তাৎক্ষণিকভাৱে তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

বৰ্তমান সময়পৰ্য্যন্ত হাস্পতাল কৰ্তৃপক্ষৰ পৰা এই বিষয়ে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। কিন্তু অভিযোগ উঠাৰ পিছত সংশ্লিষ্ট বিভাগে তদন্ত আৰম্ভ কৰিব বুলি আশা কৰা হৈছে। এই ধৰণৰ ঘটনাই ৰাজ্যখনৰ স্বাস্থ্য খণ্ডত চলি থকা সমস্যাসমূহক আৰু স্পষ্টকৈ তুলি ধৰিছে।

যোৱা কিছুদিন ধৰি এনে অভিযোগে অসমৰ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ কাম-কাজক লৈ চৰ্চা বৃদ্ধি কৰিছে। স্থানীয় লোকসকলে আশা কৰিছে যে চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লৈ দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰিব।

Source of Video/Information : Originally From DY365 Live Channel.

Constitution (131st Amendment) Bill for women's reservation failed to get two-thirds majority in Lok Sabha Friday evenin...
18/04/2026

Constitution (131st Amendment) Bill for women's reservation failed to get two-thirds majority in Lok Sabha Friday evening. A total of 298 voted in favour, and 230 against.

17/04/2026

বৰ্ণিহাটৰ প্ৰদূষণ নিয়ন্ত্ৰণত পৰিষদৰ উদাসীনতা - RTI কৰ্মীৰ অভিযোগ

গুৱাহাটী, ১৬ এপ্ৰিল : বৰ্ণিহাট অঞ্চলত বিভিন্নধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, ক'ক আৰু চিমেন্ট উদ্যোগ গঢ় লৈ উঠাৰ সমান্তৰালকৈ সেই অঞ্চলত বৰ্তমান সময়ত প্ৰদূষণেও এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোত বসবাস কৰা লোকসকলৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিষয়টোত চৰকাৰৰ নিৰ্লিপ্ততাই বিশেষ তাৎপৰ্য্য বহন কৰিছে। গুৱাহাটী মহানগৰীৰ নিচেই কাষত অৱস্থিত বৰ্ণিহাট অঞ্চলটোৰ প্ৰদূষণ তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অনাগত দিনত ই এক ভয়াবহ ৰূপ ধাৰণ কৰিব, সেইয়া নিশ্চিত । এইক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ভূমিকাও যথেষ্ট গুৰুত্বপূৰ্ণ। পৰিষদৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপ আৰু ব্যৱসায়িক উদ্যোগসমূহৰ ক্ষেত্ৰত প্ৰদূষণ ৰোধ কৰাৰ বাবে জাৰি কৰা নিৰ্দেশাৱলীৰ সন্দৰ্ভত চৰকাৰ তথা বিভিন্ন দল-সংগঠনৰ স্থিতিও সৱল হোৱাতো প্ৰয়োজনীয়।

এই বিষয়ৰ সন্দৰ্ভতে আৰটিআই কৰ্মী ডিপোল জ্যোতি হাজৰিকাই পৰিষদলৈ কৰা এক আবেদনৰ তথ্যত বিভাগীয় কিছু পদক্ষেপ আৰু নিৰ্দেশাৱলী পৰিষদৰ সংশ্লিষ্ট বিভাগে প্ৰদান কৰে যদিও সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আৰটিআই কৰ্মীগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে। আৰটিআই কৰ্মী হাজৰিকাই জনাই যে, বিগত ২০২৫ চনৰ প্ৰথম ভাগত পৰিষদে কৰা ক্ষেত্ৰ ভিত্তিক পৰ্য্যবেক্ষনত বহুকেইটা ব্যৱসায়িক উদ্যোগলৈ প্ৰদূষণ নিয়ন্ত্ৰণ সম্পৰ্কীয় নিৰ্দেশাৱলী জাৰি কৰিছিল যদিও সেই নিৰ্দেশাৱলী প্ৰতিষ্ঠানসমূহে ৰূপায়িত কৰিলে নে নাই বৰ্তমান সময়ত সেই তথ্য পৰিষদৰ বিষয়ববীয়াৰ হাতত নাই । আৰটিআই কৰ্মীগৰাকীয়ে আৰু জানিব দিয়ে, পৰিষদে আবেদনৰ ভিত্তিত প্ৰদান কৰা তথ্যৰ আধাৰত আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ নিয়মাৱলীসমুহৰ সজাগতাৰ উদ্দেশ্যে উক্ত অঞ্চলত এক ক্ষেত্ৰ ভিত্তিক পৰ্য্যবেক্ষনৰ বাবে যোৱা ৩১ মাৰ্চ তাৰিখে পৰিষদৰ অধ্যক্ষলৈ এখন অনুৰোধ পত্ৰলৈ ব্যক্তিগতভাবে সাক্ষাৎ কৰিব খুজিছিল যদিও অধ্যক্ষগৰাকীয়ে ব্যস্ততাৰ অজুহাত দেখুৱাই সাক্ষাৎ কৰাৰ পৰা বিৰত থাকে। হাজৰিকাই পৰিষদৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে, অনুৰোধ পত্ৰখন পঢ়ি চাবৰ বাবেও আহৰি নথকা কাৰ্য্যালয়টোত পত্ৰখনৰ উদ্দেশ্য কি আছিল, সেইয়া জনাৰো ইচ্ছা প্ৰকাশ নকৰিলে কোনো বিষয়া-কৰ্মচাৰীয়ে। চৰকাৰী বিভাগ এটাত সাধাৰণ নাগৰিকৰ প্ৰতি প্ৰদৰ্শন কৰা ঋনাত্মক ব্যৱহাৰে যে চৰকাৰখনৰ প্ৰতি এক অশুভ বাৰ্তা কঢ়িয়াই, তাকলৈও কৰ্মীগৰাকীয়ে দুখ প্ৰকাশ কৰে।
প্ৰশ্ন উত্থাপন হয়, চৰকাৰী বিভাগ এটাই গ্ৰহণ কৰা পদক্ষেপসমূহ সাধাৰণ নাগৰিকৰ আগত মুকলিকৈ দাঙি ধৰাত বিভাগটোৰ ইমান অসন্তুষ্টি বা অনীহা কিয় ?

চৰকাৰ তথা সাধাৰণ ৰাইজৰো দায়িত্ব থকা বিষয়টোত অধ্যক্ষগৰাকীৰ গা এৰা মনোভাৱটো যথেষ্ট সন্দেহজনক।

আৰটিআই কৰ্মী ডিপোল জ্যোতি হাজৰিকাই এই প্ৰতিবেদনৰ জৰিয়তে কয়, উন্নয়নশীল অসমত আমাক উদ্যোগ লাগিবই কিন্তু সমান্তৰালকৈ প্ৰদূষণ ৰোধৰ বাবে যাৱতীয় ব্যৱস্হাসমূহো কাৰ্য্যকৰী কৰিব লাগিব।

বৰ্ণিহাট অঞ্চলত বিয়পি পৰা প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে চৰকাৰ, বিভিন্ন দল-সংগঠন আৰু স্হানীয় ৰাইজেও বিষয়টোৰ সন্দৰ্ভত চোকা নজৰ ৰাখিব লাগিব।

বৰ্ণিহাটৰ প্ৰদূষণ নিয়ন্ত্ৰণত পৰিষদৰ উদাসীনতা — RTI কৰ্মীৰ অভিযোগ          #বৰ্ণিহাটৰ
17/04/2026

বৰ্ণিহাটৰ প্ৰদূষণ নিয়ন্ত্ৰণত পৰিষদৰ উদাসীনতা — RTI কৰ্মীৰ অভিযোগ

#বৰ্ণিহাটৰ

15/04/2026

The Constitutional Mandate of the Questioning Citizen 🏛️

Democracy doesn't just allow you to ask questions it needs you to.

Every fundamental right enshrined in a constitution freedom of speech, press freedom, the right to information is an instrument built for active use. When citizens stop questioning power, those rights don't disappear on paper. They simply die in practice.

A government unchallenged grows unaccountable. A constitution unexamined grows irrelevant.

To question your leaders, demand transparency, and hold institutions to their own stated standards is not an act of rebellion. It is the most faithful thing a citizen can do for their democracy.

Silence is not neutrality. It is surrender.

The questioning citizen is not a troublemaker they are the last line of constitutional defense.

🔁 Share if you believe an informed, vocal citizenry is the foundation of a healthy democracy.

-Ai Generated Voice

14/04/2026

Address

Nagaon
782124

Website

Alerts

Be the first to know and let us send you an email when The Transparent Info posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share