25/03/2026
জুবিনবিহীন ছমাহ… কিন্তু শূন্যতা এতিয়াও পূৰণ নহ’ল
✍️হেমন্ত শৰ্মা
জুবিন গাৰ্গ নোহোৱা হোৱাৰ আজি ছমাহ। সময়ৰ কেলেণ্ডাৰত এইটো কেৱল এটা সংখ্যা— কিন্তু অনুভৱৰ জগতত এই ছমাহ এক অনন্ত বিস্তাৰ। কাৰণ কিছুমান অনুপস্থিতি সময়ৰ সৈতে ক্ষয় নহয়। সেয়া সময়ৰ মাজতেই অধিক গাঢ় হৈ উঠে। জুবিন গাৰ্গ তেনে এক উপস্থিতি— যি আঁতৰি গৈয়ো অধিক গভীৰভাৱে থাকি যায়।
শিল্পী কায়িকভাৱে নোহোৱা হয়, কিন্তু তেওঁৰ সৃষ্টি সময়ৰ বাহিৰত বাস কৰে। যাৰ ভিতৰত বিশৃংখলা থাকে, তেঁৱেই নৱজন্মৰ তাৰকাক জন্ম দিয়ে। জুবিন গাৰ্গৰ জীৱনত সেই বিশৃংখলা আছিল— এক অস্থিৰতা, এক অনুসন্ধান, এক অস্বীকাৰ। সেইকাৰণেই তেওঁৰ সুৰ সাধাৰণ নাছিল; সেই সুৰে মানুহৰ ভিতৰৰ নীৰৱ বেদনাক জগাই তুলিছিল। তেওঁৰ গান কেৱল শুনা নহয়— অনুভৱ কৰা হয়, বহন কৰা হয়।
আজিৰ এই ছমাহত আমি বুজিলোঁ— শূন্যতা মানে শূন্য নহয়। শূন্যতা এক সক্ৰিয় উপস্থিতি। জুবিন গাৰ্গৰ অনুপস্থিতিও তেনেকুৱাই—সেয়া আমাৰ মাজত এটা প্ৰশ্ন হৈ আছে, এটা দায়িত্ব হৈ আছে, এটা অস্থিৰতা হৈ আছে। তেওঁ নাই— কিন্তু তেওঁৰ অভাৱেই আমাক ভাবিবলৈ বাধ্য কৰিছে— আমি কেনে সমাজ? আমি শিল্পীক কেনেকৈ বুজোঁ?
মানুহৰ দায়িত্ব হৈছে স্মৃতিক জীয়াই ৰখা। এই স্মৃতি কেৱল আবেগৰ বিষয় নহয়, ই নৈতিকতা। জুবিন গাৰ্গক সুঁৱৰি কান্দো, সামাজিক মাধ্যমত পোষ্ট কৰোঁ— এইবোৰেৰে শোকৰ বহিঃপ্ৰকাশ কৰোঁ, কিন্তু ইয়াৰ দ্বাৰা স্মৃতিৰ সঁচা অৰ্থ প্ৰকাশ নহয়। স্মৃতি তেতিয়াহে সত্য হয়, যেতিয়া সেই স্মৃতি সমাজৰ কৰ্মত পৰিণত হয়।
জুবিন গাৰ্গৰ জীৱন আছিল এক বিদ্ৰোহ— তৰলতা, ভণ্ডামি আৰু সুবিধাবাদৰ বিৰুদ্ধে। তেওঁৰ সুৰত আছিল সত্য, তেওঁৰ কণ্ঠত আছিল প্ৰতিক্ৰিয়া। তেওঁ সংগীতৰ জৰিয়তে সমাজক আয়না দেখুৱাইছিল। সেই আয়নাত আমি নিজৰ মুখ দেখা পাইছিলোঁ— কেতিয়াবা লাজ, কেতিয়াবা গৌৰৱ, কেতিয়াবা প্ৰশ্ন।
কিন্তু তেওঁ নোহোৱা হোৱাৰ পাছত সেই আয়নাখন আমি কেনেকৈ ব্যৱহাৰ কৰিছোঁ?
আমি কি তেওঁক অনুষ্ঠানতে সীমাবদ্ধ কৰিছোঁ নেকি? নে তেওঁৰ দৰ্শনক সমাজত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছোঁ?
এজন মানুহৰ জীৱনৰ মূল্য তেওঁৰ কৰ্মত থাকে। জুবিন গাৰ্গৰ কৰ্ম আছিল মানুহৰ বাবে। তেওঁ সংগীতক ব্যৱসায়ৰ সামগ্ৰী নকৰাকৈ, এক সামাজিক শক্তি হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ দেখুৱাই গৈছে— শিল্প মানে দায়িত্ব।
সেয়ে আজি এই ছমাহত আমি এটা কথাই বুজিব লাগিব—
জুবিন গাৰ্গক জীয়াই ৰখা মানে তেওঁৰ গান বজোৱা নহয়, তেওঁৰ চিন্তাক বিয়পোৱাহে।
তেওঁৰ অনুপস্থিতিত গৰিমা শইকীয়া গাৰ্গৰ নীৰৱতা, অনুৰাগীৰ চকুলো আৰু সমাজৰ ভিতৰত চলি থকা আলোচনাবোৰ— এই সকলোবোৰে এটা কথা স্পষ্ট কৰি দিছে— জুবিন গাৰ্গ কোনো একক ব্যক্তি নাছিল। তেওঁ আছিল এক সমষ্টিগত অনুভৱ।
সমাজ জীয়াই থাকে কথোপকথনৰ মাজেৰে। আজিও যদি জুবিন গাৰ্গৰ বিষয়ে কথোপকথন চলি আছে, তেন্তে তেওঁ জীয়াই আছে। কিন্তু সেই কথোপকথন যদি কেৱল আবেগত সীমাবদ্ধ থাকে, তেন্তে সেয়া অসম্পূৰ্ণ। সেই কথোপকথনক সমাজৰ কৰ্ম, নীতি আৰু দায়িত্বলৈ ৰূপান্তৰ কৰিব লাগিব।
এই ছমাহে আমাক এটা কঠিন শিক্ষা দিলে— শিল্পীক ভালপোৱাটো সহজ, কিন্তু শিল্পীৰ দায়িত্ব লোৱাটো অতি কঠিন।
জুবিন গাৰ্গৰ স্মৃতি আজিও আমাৰ মাজত সজীৱ— সুৰত, শব্দত আৰু নীৰৱতাত। কিন্তু এই স্মৃতি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেন্তে এদিন এই স্মৃতিও মলিন হৈ পৰিব।
সেয়ে আজিৰ দিনটো কেৱল শ্ৰদ্ধাঞ্জলিৰ দিন নহয়।
এই দিনটো আত্মসমীক্ষাৰ দিন।
আমি জুবিন গাৰ্গক কেৱল স্মৃতিত জীয়াই ৰাখিমনে, নে সমাজত জীয়াই ৰাখিম?
শিল্পী কেতিয়াও নোহোৱা নহয়। নোহোৱা হয় সমাজ, যেতিয়া সেই শিল্পীৰ অৰ্থ বুজিবলৈ ব্যৰ্থ হয়।
Copy from Garima Sharma
#জুবিনদৰ্শন