06/06/2026
মানুহৰ সংবেদনশীলতা আৰু কাণ্ডজ্ঞান আজি কোন পৰ্যায়লৈ অৱনমিত হৈছে, এইখন ফটোৱেই তাৰ জলন্ত প্ৰমাণ!
এফালে মাতৃক হেৰুৱাই এজন ব্যক্তি আৰু তেওঁৰ পৰিয়াল শোকত ভাগি পৰিছে, কঠোৰ নীতি-নিয়মৰ মাজেৰে দিন পাৰ কৰিছে, আৰু আনফালে তেওঁৰ কাষতেই থিয় হৈ এনেদৰে দাঁত উলিয়াই হাঁহি হাঁহি পোজ দিবলৈ মানুহৰ কিমান অমানৱীয় আৰু নিলাজ মানসিকতা থাকিব পাৰে? ছ'চিয়েল মিডিয়াৰ ৰোগত আক্ৰান্ত হৈ একাংশই মৃত্যুৰ দৰে শোকাৱহ পৰিৱেশৰ গাম্ভীৰ্য আৰু সাধাৰণ মানৱীয়তাখিনিও পাহৰি পেলোৱাটো সঁচাই অতি লজ্জাজনক কথা।
শোকসন্তপ্ত পৰিয়ালৰ সন্মুখত প্ৰদৰ্শন কৰা এয়া কোনো সমবেদনা নহয়, এয়া চৰম অপমান। ধিক্কাৰ এনে মানসিকতাক।