অসমৰ কথা

অসমৰ কথা � Axomor Kotha — অসমৰ মাটি, মানুহ আৰু প্ৰতিটো খবৰক লৈ আপোনালোকৰ নিজৰ পেজ।

21/09/2026

হালোৱাটিঙত অসমীয়া যুৱ মঞ্চত বৃহৎ যোগদান কাৰ্যসূচী।

হালোৱাটিঙত এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় অসমীয়া যুৱ মঞ্চত।সংগঠনটোৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সম্পাদক আকাশ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত খিলঞ্জীয়া প্ৰায় দুশৰো অধিক যুৱকে সংগঠনটোৰ নীতি আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে অসমীয়া যুৱ মঞ্চত যোগদান কৰে।

আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় খন টি টুৱেন্টি খেলত দ্রুততম শতৰান অভিষেক শৰ্মাৰ । মাত্ৰ ৩০টা বলত ১০০ ৰান । ৯টা বাউণ্ডেৰী আৰু...
17/09/2026

আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় খন টি টুৱেন্টি খেলত দ্রুততম শতৰান অভিষেক শৰ্মাৰ । মাত্ৰ ৩০টা বলত ১০০ ৰান । ৯টা বাউণ্ডেৰী আৰু ১১ টা অভাৰ বাউণ্ডেৰী ৰে কৰে সৰ্বমুঠ ৩৪ টা বলত ১০৮ ৰান । দিশহাৰা আফগান বলাৰ ।

17/09/2026

অবৈধ মিঞা বাংলাদেশী বিতাড়নৰ লগতে ড্ৰাগ্‌চ সৰৱৰাহ আৰু অবৈধ সুৰাৰ সৰৱৰাহ বন্ধ কৰাৰ দাবীত হালোৱাটিংত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ।
#অসমীয়াযুৱমঞ্চ

আজিৰ আকাশত এক বিৰল দৃশ্য । এই মহাজাগতিক বিৰল দৃশ্যৰ সাক্ষী হল ৰাইজ । জোনবাই কাষত এইয়া কি ? তৰা নে আন কিবা ? বহুতৰ মতে শু...
14/09/2026

আজিৰ আকাশত এক বিৰল দৃশ্য । এই মহাজাগতিক বিৰল দৃশ্যৰ সাক্ষী হল ৰাইজ । জোনবাই কাষত এইয়া কি ? তৰা নে আন কিবা ? বহুতৰ মতে শুক্ৰ গ্ৰহ । আপোনাৰ মতে কি এইয়া ??

13/09/2026

আজি ইংৰাজী 13/9/2026 তাৰিখে যোৰহাট জিলাৰ মাজ মজিয়াত জনতা পেৰেডাইচ প্ৰেক্ষাগৃহত অসমীয়া যুৱ মঞ্চ যোৰহাট জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সভা আৰু যোগদান কায্যহুচী আয়োজন কৰা হৈছিল।উক্ত যোগদান কায্যহুচীত কেন্দ্ৰীয় সমিতিৰ কায্যকৰী সভাপতি ইমতিয়াজ আহমেদ, ভাৰপ্ৰাপ্ত সম্পাদক আকাশ শইকীয়া, সাংগঠনিক সম্পাদক অভিলাস গোহাঁই, গোলাঘাট জিলা সমিতিৰ উপদেষ্টা ৰাজা বৰা,শিৱসাগৰ জিলা সমিতিৰ সদস্য অঙ্কুৰ গগৈ, জিকু দাস যোৰহাট জিলা সমিতিৰ সভাপতি মিন্তূ গগৈ সভাপতিত্বত সভা খন আয়োজন কৰা হৈছিল।যোগদান কায্যহুচীত কেবাটাও জাতীয় সংগঠনৰ প্ৰায় এশ জনতকৈ অধিক লৰাই যোগদান কৰে।অহা 10দিনৰ ভিতৰত যোৰহাট জিলা সমিতিৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিৰ উপস্থিত ড্ৰাগছ বিৰোধী কায্যহুচী লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।আজি যোৰহাট জিলা সমিতি খন সম্পূৰ্ণ গঠন কৰা হয় লগতে সাধাৰণ সম্পাদক হিচাপে ইকবাল আহমেদক দ্বায়িত্ব অৰ্পণ কৰা হয়।

06/09/2026

" অসমৰ যলৈকে যাওঁ ৰকিবুল হুছেইনক বেয়া পোৱা মানুহেই পাওঁ, ৱাজেদ আলী চৌধুৰীক নামনি অসমৰ মানুহে ঘৃণা কৰে, ৰিপুন বৰাক আউতডেটেড বুলি কয়, ৰিজেক্টটেড মালৰ লগত কিয় আহিছে বুলি কয়" --- অখিল গগৈ ।
নাজিৰা সমষ্টিৰ দোপদৰ হাটখোলা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ বিশাল গণ সমাবেশত উপস্থিত থাকি শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিষয়ে কলে এনেধৰনে । আৰু কি কি কলে অখিল গগৈয়ে ?

06/09/2026

উজনিৰ বানপীড়িতক ক্ষতিপূৰণৰ দাবীত নাজিৰাত ৰাইজৰ দলৰ গণসমাৱেশ

নাজিৰা সমষ্টিৰ দোপদৰ হাটখোলা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয় এই বিশাল গণসমাৱেশ।

৮ ছেপ্টেম্বৰৰ নিশা ১২ বজাৰ ভিতৰত বানপীড়িতসকলে তৎকালীন সাহায্য লাভ নকৰিলে বানপীড়িত ৰাইজক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে।

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়—বানপীড়িতৰ একাউণ্টত ১৫ হাজাৰ টকাৰ তৎকালীন সাহায্য, ১০ লাখ টকাৰ ক্ষতিপূৰণ আৰু প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ দাবী পূৰণ নকৰিলে আন্দোলন অধিক তীব্ৰ কৰা হ’ব।
আনহাতে, উজনিৰ বান পৰিস্থিতিৰ সৈতে কয়লা খননৰ সম্পৰ্ক থকা বুলি দাবী কৰি সুশান্ত বৰগোঁহাই, ময়ূৰ বৰগোঁহাই আৰু ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে CBI তদন্তৰ দাবীও উত্থাপন কৰে ৰাইজৰ দলৰ নেতৃত্বই।

এই দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে গণআন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে গণসমাৱেশত উপস্থিত বানপীড়িত ৰাইজে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক দাবীসমূহ পূৰণ কৰিবলৈ সময়সীমা বান্ধি দি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৰাইজৰ দলৰ নেতৃত্বই।

মুখ্যমন্ত্ৰীৰ এটা ৰিপ্লাই আৰু ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত ‘জীৱন প্ৰেৰণা’HELLO MAMA, জীৱন প্ৰেৰণাৰ পইচা এতিয়ালৈ দিয়া নাই...
04/09/2026

মুখ্যমন্ত্ৰীৰ এটা ৰিপ্লাই আৰু ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত ‘জীৱন প্ৰেৰণা’
HELLO MAMA, জীৱন প্ৰেৰণাৰ পইচা এতিয়ালৈ দিয়া নাই যে?
ভাগিনৰ মেছেজ পাই লগে লগে মামাই ভৰাই দিলে ১০০০০ টকা
দীপান্বিতা পঠিয়াইছো পাইছানে?
ভাগিনৰ ৰিপ্লাই Thank you Mama ।

এইজনেই বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী । যিজন সকলোৰে কাষত সকলো সময়ত ।
Himanta Biswa Sarma

02/09/2026

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বাবে
আৰু উজনি অসমৰ প্ৰলংকাৰী বানত মৃত্যু হোৱা লোকসকলৰ আত্মাৰ সদগতিৰ বাবে
উত্তৰাখণ্ডৰ হৰিদ্বাৰত পূজা অৰ্চনা
অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ ।

শিৱসাগৰ ৰাইজৰ বাবে জৰুৰী খবৰ ।
30/08/2026

শিৱসাগৰ ৰাইজৰ বাবে জৰুৰী খবৰ ।

Address

Sivasagar
Sibsagar
785661

Website

Alerts

Be the first to know and let us send you an email when অসমৰ কথা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share